শ্ৰোতস্বিনী তেজস্বিনী বোৱঁতী নৈ
খৰশ্ৰোতে
বাৰিষা খৰালি থাকে বৈ ।
ঝাও বননি যেন লাহি পাহি ,
বাউলি বতাহত
শুকুলা ডাৱৰ যেন মন ।
ফুলি থকা কঁহুৱা কোমল বন
নদীয়ে প্ৰণয় জগায়
নাৰীয়ে মৰম নিগৰাই
নদী উপত্যকা
সভ্যতাৰ ওপজা ঠাই ।
চিনাকি চিনাকি নদীৰ ঘাট
লুকা ভাকু খেলা প্ৰণয়ৰ বাট
স্নিগ্ধ সন্ধ্যা
জোনাকী পোহৰৰ মেলা
এইয়াই যেন নাৰীৰ জীৱন লীলা
উগুল থুগুল মন
লাজুকী নিলাজী বন ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ