আমাৰ শিক্ষা ব্যৱস্থাত পৰীক্ষাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিষয় এটা পঢ়ি সকলোখিনি আয়ত্ব কৰি হোৱাৰ পাছত পৰীক্ষাৰ বাবে সাজু হয় হঠাৎ যেতিয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু পৰীক্ষা বাতিল হোৱাৰ খবৰ জানে তেতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ মন আৰু মগজু দুয়োটাৰ ভাৰ যথেষ্ট গধুৰ হৈ পৰে । শিক্ষাৰ্থী অভিভাৱকৰ লগতে বৌদ্ধিক মহলত এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হয়। মুষ্টিমেয় কিছুমান অসৎ ব্যক্তিৰ বাবে পৰীক্ষাৰ্থীসকলৰ লগতে দিন- ৰাতি কষ্ট কৰা অভিভাৱক সকলো মানসিক চাপত ভূগিছে । শেষ মুহুৰ্তত প্ৰশকাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱাটো নিঃসন্দেহে এটা দুভাগ্যজনক কথা । ছাত্ৰ-ছাত্ৰীসকলে নিদিষ্ট সময়সীমা ভিতৰত পাঠ্যক্ৰমৰ ভিতৰৰ কি কি বিষয়বস্তু শিকিলে তাক পৰীক্ষাৰ দ্বাৰা বিচাৰ কৰা হয়। ইয়াৰ উপৰিও পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিক্তি কৰিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ বুনিয়াদ গঢ়ি উঠাৰ লগতে ভৱিষ্যতৰ দিশ নিৰূপণ হয়। সেইবাবে পৰীক্ষাৰ্থীসকলক লৈ হেতালি নেখেলক। প্ৰশ্নকাকত ফাদিলৰ লগতে পৰীক্ষা বাতিল হ'লে পৰীক্ষাৰ্থীয়ে দীঘলীয়া সময় ধৰি কঠোৰ অধ্যয়ন কৰি দিয়া পৰীক্ষাৰ প্ৰতি আগ্ৰহ আৰু পৰীক্ষা অনুষ্ঠিত কৰা যি ব্যৱস্থা সেই ব্যৱস্থাৰ ওপৰত বিশ্বাস কমি যায় । আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰতি ভাবুকি অহা , সাধাৰণ জনতাৰ আস্থা কমি অহা শিক্ষাৰ্থীৰ মন মগজুত মানসিক চাপ দিয়া এই প্ৰশ্নকাকত ফাদিল পৰীক্ষা বাতিল দোনাই যাতে নহওক। ভৱিষ্যতে প্ৰতিজন অংকুৰেই যেন দেশ আৰু সমাজৰ উত্তৰণৰ পথত আলোকৰ উৎস হ'ব পৰাকৈ নিজকে গঢ়ি তুলিবলৈ সক্ষম হওঁক।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ