শৈশৱৰ সোণোৱালী কবিতাৰ পম খেদি- মন নেওগ

©Admin
0
শৈশৱ!!
সেই যে দেখিছিলো ডাঙৰ মানুহ হোৱাৰ সপোন
দুবৰিৰ দলিচাত যে উৰুৱাই দিছিলোঁ 
দুখ-ভাগৰ..!!
হাঁহি ধেমালি বোৰক যে 
আপোন বুলি আদৰি লৈছিলোঁ..
ভাৱ গধুৰ কথাবোৰ নাভাবি
ধূলি মাটিৰ আলসেৰে 
কটাইছিলো দিনবোৰ!!
হেৰাইছে জানো?
সেই সোণোৱালী শৈশৱ..
হেৰাইচে জানো?
শৈশৱৰ সুগন্ধি..
উহু!!
কাৰণ সেই সময়খিনিৰ 
অবিহনে যে
ভৱিষ্যত ৰচাও অসম্ভৱ!!

অনুভৱৰ দলিচা পাৰি 
আকৌ যেন বিলীন হবলৈ মন যায়
সেই শৈশৱত..
যত নাছিল যান্ত্ৰিকতাৰ পৰিচয়
যি শৈশৱে নাজানিছিল
অকশৰীয়া শব্দৰ অৰ্থ..!!
মাত্ৰ বুজিছিল হাঁহি ধেমালিৰ সমাৰ্থক
আৰু 
হেপাহতে উৰি ফুৰিছিল 
আনন্দ আচ্ছন্ন মুকলি আকাশত..!!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)