আপদীয়া যৌৱন-ৰেজিনা পাৰবিন

©Admin
0
"আপদীয়া যৌৱনে জ্বলা-কলা খুৱাইছে বহুতক" -----শীৰ্ষক শিৰোনামাটো দেখি বাতৰিটো পঢ়িবলৈ লৈছিলহে বিজুলীয়ে।  কলিং বেলটো বাজি উঠাত কাকতখন বন্ধ কৰি খিৰিকীৰ পৰ্দাৰ ফাঁকেৰে জুমি চোৱাত বিজুলীয়ে দেখিলে ছয়-সাতজন মান লোক ৰৈ আছে দুৱাৰ মুখত। এডভ'কেট স্বামী বিপ্লৱক লগ কৰিবলৈ প্ৰায়েই বিভিন্ন ক্লায়েণ্ট আহে বাবে বিশেষ গুৰুত্ব নিদি বিজুলীয়ে বিপ্লৱক অনুমানতে কোনোবা ক্লায়েণ্ট অহা বুলি খবৰ দিলেগৈ।

    দুৱাৰখন খুলি অভ্যাগত সকলক বহিবলৈ দিয়াত বিশেষ অৱতাৰণা নকৰাকৈয়ে  কান্দি কান্দি কম বয়সীয়া মহিলা গৰাকীয়ে ক'বলৈ ধৰিলে,ছাৰ মোৰ স্বামীক যোৱা নিশা পুলিচে উঠাই লৈ গ'ল। মই বৰ্তমান ঊনৈশ বছৰ সম্পূৰ্ণ কৰিছোঁ যদিও বিয়াৰ সময়ত ওঠৰ বছৰ হোৱা নাছিল। মই এগৰাকী অনাথ ছোৱালী। ইয়াৰ ঘৰে তাৰ ঘৰে গেবাৰী খাটি সোঁতৰ বছৰ হওঁতেই মোৰ দুখ সহিব নোৱাৰি গাঁৱৰে অমলে বিয়া পাতিলে। এনেয়ে নি ঘৰত ৰাখিলেও সমাজে হাঁহিব বাবে বিয়া পাতি নিলে, কিন্তু এতিয়া কি হ'ল চাওঁকচোন ছাৰ? ইফালে ছাৰ মই দুমাহৰ গৰ্ভৱতীও।

         বাল্য বিবাহ সামাজিক অপৰাধ বুলি জানি-শুনিও কিয় এনে ভুল কৰিলা? মই কোনো সহায় কৰিব নোৱাৰিম,বিপ্পৱৰ কঠোৰ উত্তৰ।

         বাল্য বিবাহ অপৰাধ বুলি জানিলেনো কি হ'ব ছাৰ? কোনোবাই জানো মই বাল্য কালতেই অনাথ হোৱা বুলি কিবা সহায়-সাৰথি কৰিছে,নে চৰকাৰে কোনোবা দিনা খবৰ লৈ কিবা ব্যৱস্থা কৰিছে মোৰ দৰে সকলৰ বাবে?  মোৰো পঢ়ি-শুনি ভাল কিবা এটা কৰাৰ মন আছিল। মা-দেউতা থকাহেঁতেন হ‌য়তো কৰিলোহেঁতেন কিবা এটা। কিন্তু নৱমত পঢ়ি থাকোঁতেই অকালতে মা -দেউতাক হেৰুৱাই মই নিথৰুৱা হৈ কিমান যাতনা ভূগিছোঁ সেই খবৰ চৰকাৰে ৰাখিছিল নে কেতিয়াবা? মই কি খাইছো,কি কৰিছোঁ, পঢ়া-শুনা কৰিব পাৰিলোঁ নে নাই চৰকাৰে সেই খবৰ ৰাখি কিবা ব্যৱস্থা লোৱাহেঁতেন মোৰ আজি এই অৱস্থা নহ'লহেঁতেন। তদুপৰি ছাৰ মোৰ দৰে উঠন গাভৰু এজনীৰ ওপৰত কিমানৰ যে কু-দৃষ্টি , কিমান ভয়-সন্ত্ৰাসৰ মাজত জীৱন কটাইছিলোঁ সেয়া মইহে জানোঁ। মা-দেউতাক হেৰুৱাই নিঃস্বাৰ্থ মৰমৰ পৰা বঞ্চিত মোক কেও- কিছু নোহোৱা স্বত্বেও অমলে বিয়া কৰাই অলপ মৰম আৰু নিৰাপত্তা দিছিল  । তদুপৰি মোক ওচৰ- চুবুৰীয়া সকলোৱে মিলি বিয়াখন পাতি দিছিল। থানাখন দৌৰ মাৰিলেই পায়। কিয় কোনেও আহি তেতিয়াই বাধা নিদিলে ? বৰং থানাৰ বহুত লোকেও আহি মোৰ বিয়া খাই আশীৰ্বাদ দিছিল।তেনেস্থলত এতিয়া মোৰ কি অৱস্থা হ'ব? মোক কোনে চাব, মোৰ আহিবলগীয়া সন্তানটিৰ কি হ'ব ?
 
      ভিতৰত ইটো-সিটো কৰি থকা বিজুলীক বোৱাৰী গৰাকী আৰু বিপ্লৱৰ কথোপকথনে  বাল্য বিবাহৰ একেবাৰে পক্ষপাতী নোহোৱা স্বত্বেও কিছু কথা নতুনকৈ ভাবিবলৈ বাধ্য কৰিলে ।  আচলতে  কিছু লোক হয়তো বাধ্য হৈছে বাল্য বিবাহ কৰিবলৈ। বিশেষকৈ এই বোৱাৰীজনীৰ দৰে নিথৰুৱা অনাথ ছোৱালীবোৰক চকু দিওঁতা বা পোহপাল দিওঁতা কোনো নাথাকে, তেনেবোৰ ছোৱালী পদে পদে নিৰাপত্তাহীনতাত ভোগে। আজিকালি অভিভাৱকৰ চোকা নজৰৰ পিছতো কম বয়সীয়া শিশু কন্যাবোৰেই হাৰি নাযায় একাংশ নৰমাংসলোভী দানৱৰ পৰা, তেনেস্থলত এঘাৰ/বাৰ বছৰ বয়সতে গাভৰু হোৱা এগৰাকী অনাথ- অসহায় গাভৰু ছোৱালীয়ে  কেনেকৈনো ওঠৰ বছৰ নোহোৱালৈকে নিজক বচাই ৰাখিব  তেনেলোকৰ পৰা? বৰ্তমান যি হাৰত ধৰ্ষণৰ দৰে ঘটনাবোৰ ঘটিব ধৰিছে নিজৰ আত্মীয়-স্বজনৰ পৰাও হাৰি নাযায় বহুত ছোৱালী,তেনেস্থলত এইজনী বোৱাৰীৰ দৰে অনাথবোৰ!  চৰকাৰে যদি এনেকুৱা অসহায় ছোৱালী বা কন্যা সন্তান থকা দৰিদ্ৰ পৰিয়ালৰ বাবে কিবা ফলপ্ৰসু ব্যৱস্থা ল'লেহেঁতেন তেতিয়া চাগৈ নিৰাপত্তা হীনতা বা দৰিদ্ৰতাৰ দোহাই দিয়া সকলেও বাল্য বিবাহৰ দৰে অপৰাধবোৰ নকৰিলে হেঁতেন। যা হওক ভবিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈ হ'লে কোনোবাই পদক্ষেপ লʼবই লাগিব আৰু এটা শুভ কাম কৰিবলৈ হ'লে যিকোনো আলাই-আথানি ঘটিবই আৰু এটা প্ৰজন্মৰ ক্ষতি হʼবই । গতিকে চৰকাৰৰ পদক্ষেপক একেষাৰে শলাগিব লগীয়া যদিও মানৱীয় দৃষ্টিকোণেৰে লক্ষ্য কৰি বোৱাৰী জনীৰ দৰে অসহায় নাৰী সকলৰ কথা ভাবি হ'লেও ইতিমধ্যে ঘটি যোৱা খিনিক কিছু সহানুভূতি দেখুৱালে হয়তো অসহায় নাৰীসকলৰ লগতে তেওঁলোকৰ সন্তানবোৰ কিছু পৰিমাণে সুৰক্ষিত হ'ব।
      হঠাতে বিজুলীৰ বাতৰি কাকতৰ   শিৰোনামাটো মনত পৰাত  হোঁ - হোঁৱাই হাঁহি উঠিল,কি যে বিলাই হ'ব অʼ আপদীয়া যৌৱনটোৰ ? ফাইভ/চিক্সৰ পৰাই পেনপেনীয়া প্ৰেমত হাবু-ডুবু খোৱা সকলৰ চোন ওঠৰ বছৰলৈ ৰৈ ৰৈ বিলাই-বিপত্তিৰ সীমাই নোহোৱা হ'ব। "যতমানে কূটৰ ঘাই" এই আপদীয়া যৌৱনটোও ওঠৰ বছৰৰ পিছত অহা কৰিব পৰাহেঁতেন ------।

🔷ৰেজিনা পাৰবিন।
বাইহাটা কমলপুৰ।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)