ৰুগীয়াল পৃথিৱী-পংকজ দিহিঙীয়া

©Admin
0
মই বেমাৰী হৈ পৰিছো।কোনেও গম নাইপোৱা নেকি?আপোন জনৰ বেমাৰ হ'লে যিদৰে সকলোৱে খবৰ লয়গৈ, ঠিক সেইদৰে মোৰ খবৰ মানুহে নল'ব নেকি?
              
               খবৰ লৈনো কি কৰিবা,বেমাৰী মোক তোমালোকে হে কৰিছা।এতিয়া মোক তোমালোকে সোনকালে সুস্থ কৰি তোলা,নহলে মোৰ বেমাৰ তোমালোকলৈও বিয়পিব ।তোমালোকে নিজৰ ভুল সোনকালে স্বীকাৰ কৰা। বিভিন্ন প্ৰদূষণ নিয়ন্ত্ৰণ কৰি মোক এই যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰা। মই বহুত দিন গা ধুব পৰা নাই , কাপোৰ বোৰ(কাপোৰৰ অৰ্থ - প্ৰদূষিত বায়ু) মলিয়ন আৰু ধূলিময় হৈ পৰিছে।আৰু লাহে লাহে চকুৰ পানী বোৰো শুকাই গৈছে(শুকাই যোৱাৰ অৰ্থ - খৰাং)।মোৰ ৰক্ষাৰ কৱচ খনো(কৱচ ৰ অৰ্থ - অ'জন স্তৰ ) ফাটিব ধৰিছে। সূৰ্যৰ বেয়া তাপবোৰে মোৰ চালবোৰক খহটা কৰি দিছে। মোক তোমালোকে বছোৱা.....।
                মই তোমালোকক ঘৰ বনাবলৈ ঠাই দিছো,খাবলৈ আহাৰ দিছো,পানী দিছো আৰু এইবোৰৰ প্ৰতিদানত মোক কেৱল প্ৰদূষণ হে দিলা। মোক ৰক্ষা কৰা মই জটিল ৰোগত ভুগিছো ।মোক ৰক্ষা কৰা.....।

 
          ◾পংকজ দিহিঙীয়া
         শ্ৰেণী:একাদশ
         স্কুল: শিৱসাগৰ চৰকাৰী উচ্চতৰ                         মাধ্যমিক বহুমুখী বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)