বৃক্ষ বিৰিণা যৌৱন প্ৰাপ্তি হৈ
গৰ্ভধাৰণৰ কৰিবলৈ আশাৰে
বাট চাই আছে বসন্ত ঋতুক
আদৰিবলৈ ,বসন্তৰ বাৰ্তা পাই
নাহৰ ,তগৰ ,কপৌ ফুল ফুলি
ধৰণীৰ বুকুতে উজ্জ্বলি উঠিল ।
এই বাৰ বহাগতে তগৰৰ লগত
গোলাপৰ বিয়া, তগৰ ৰজা হ'ব
গোলাপ ৰাণীৰ বিয়া ব'হাগতে
বিবাহৰ দিন নিমন্ত্ৰণ দিলো
এজাৰ ,নাহৰ ,কপৌ তোমাকে আমি।
নিমন্ত্ৰণ ৰক্ষা কৰিবা হেৰৌ ,
ধৰণীৰ তলত ৰভা মণ্ডপখন।
সকলো পিন্ধিছে নতুন কুঁহি পাতেৰে
বাঃ বাঃ! কিমান যে ধুনীয়া লাগিছে
ৰভা মণ্ডপখন কোনেনো স্ৰজিলে
ৰভা তলি মণ্ডপখন! নাই নাই ইয়াত
কোনো কাৰোকাৰ্যৰ হাত,
জগতৰ নিয়ম ইয়াত ।
আবেলি পৰত বৰদৈচিলা
আহিল মৰমৰ কন্যা জনীক
নিবলৈ সকলো তচনচ কৰি
লৈ গ'ল মৰমৰ কন্যা জনীক।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ