হে নাৰী তুমি জগত জননী-আয়নাল চৌধুৰী

©Admin
0
হে নাৰী,
তোমাক কিদৰে কৰোঁ বন্দনা ?
সহস্ৰ গুণেৰে মহিমামণ্ডিত
তুমি জগত জননী।

মমতাৰ আঁচলেৰে
তুমিয়েইতো ৰাখিছা সকলোকে আদৰি।
ধৈৰ্য, সহনশীলতাৰে
সন্তানৰ মঙ্গলৰ বাবে
তুমি শ্ৰম কৰা দিনে ৰাতি।

সম্পদ,বিপদ সকলোতে
তোমাৰেই জয় জয় ধ্বনি
পত্নী, ভগ্নী,বধু ৰূপে
তুমিতো তুলনাবিহীন!
প্ৰয়োজনত হ'ব পাৰা
দেৱী দূৰ্গা গোসাঁনী,
ৰক্ষা কৰা সন্তানক
অন্যায়, অত্যাচাৰৰ বিৰুদ্ধে অস্ত্ৰ তুলি।

হে নাৰী,
তুমি স্নেহ বিশ্বাসেৰে অনন্যা,অপৰাজিতা 
তোমাক বাৰু কিদৰে কৰোঁ বন্দনা ?

              
🔴আয়নাল চৌধুৰী  ( ধুবুৰী )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)