তেতিয়া আৰু এতিয়া-পবিত্ৰ গায়ন

©Admin
0
যেতিয়া ম'বাইল ফোন , কাৰেণ্ট, টি.ভি আদিবোৰ নাছিল তেতিয়া বাৰু মানুহৰ জীৱন শৈলী কেনেকুৱা আছিল ? এজনে আন জনৰ খা-খবৰ ল'বলৈ কেৱল চিঠিকেই ব্যৱহাৰ কৰিছিল নেকি ?  ডাকোৱাল জনেই আছিল নেকি এঠাই পৰা আন এঠাইলৈ সুখ দুখৰ ভিন্ন বাৰ্তা লৈ ফুৰা বাৰ্তাবাহক । আজি কালিৰ দৰে প্ৰেমিক যুগলে পুৱাই শুই উঠি বা শেষ ৰাতি হোৱাছ এপত পঠোৱা শুভ বাৰ্তাবোৰ বাৰু তেতিয়াৰ প্ৰেমিক প্ৰেমিকাবোৰে কেনেকৈ পঠাইছিল ? গাঁৱলীয়া চহা কৃষক জনেই হওক বা চহৰৰ আধ্যয়ন্ত সেই লোক জনে হওক মনোৰঞ্জনৰ বাবে বাৰু কি ব্যৱহাৰ কৰিছিল ? আছিল নেকি বাৰু তেওঁলোকৰ মনোৰঞ্জনৰ শৈলী ভিন্ন ভিন্ন ?  নামঘৰৰ মজিয়াই আছিল নেকি লোকসকলৰ সুখ দুখৰ ভিন্ন আলাপ আলোচনাৰ স্থলী ? বৰ্তমান কংকিটৰ ঘৰ বোৰতকৈ তেতিয়াৰ ঘৰবোৰ বাৰু কেনেকুৱা আছিল ? প্ৰকৃতিৰ দান কঁহুৱা , ইকৰা , খাগৰি , নল , বিৰিনা, বাঁহ ,বেতেৰেই সাজিছিল নেকি বাৰু সপোনৰ ৰাজ অট্টালিকা ? আবেলি বেলিকা বাৰু শৰণ , বুৰুলী, কঁহুৱাই ঘৰ ছোৱা পৰ্বটো আছিল নেকি দৈ কোমল চাউল , ভজা চাউল , সান্দহৰৰ জুতি ? আজিৰ দিনৰ দৰে তেতিয়া বাৰু আছিল নে চাউমিন, পোলাও, বিৰিয়ানী আদি খাদ্যবোৰ ? সাজপাৰ বোৰ বাৰু কেনেকুৱা আছিল? পুৰুষ সকলে বাৰু ধূতি, পাইজামা, দীঘল দীঘল আৰু বহল সেই লং পেণ্টটো আৰু  হাতে বোৱা কপাহী খাদী বস্ত্ৰ, এৰী কাপোৰ , ঘৰতে সূতা কাতি কাপোৰ তৈয়াৰ কৰি পিন্ধিছিল  নেকি বাৰু ? মহিলা সকলে বাৰু আজিৰ দিনৰ দৰে শাৰী , নানা ৰং বিৰংৰ ছাদৰ মেখেলা , মেজাংকৰি , গুনাকটা, এৰি , মুগা, নানা ৰকমৰ কাপোৰৰ ব্যৱহাৰ কৰিছিল নে ? নে তেতিয়াৰ দিনত কেঁচা সূতা , এৰী সুতা , ৰিহা আদিয়েই  প্ৰধান কৈ ব্যৱহাৰ কৰিছিল ? তেতিয়াৰ যাতায়ত ব্যৱস্থাবোৰ বাৰু কেনেকুৱা আছিল আজিৰ দৰে জলপথ , স্থলপথ , বিমান পথ বাৰু আছিল নে ? চলিছিল নে বাছ, টেক্সী, ৰিক্সা আদি গাড়ীবোৰ ? নে  তেতিয়া গৰুগাড়ী , ঘোৰা গাড়ী, হাটী আদিকে ব্যৱহাৰ কৰিছিল যাতায়তৰ বাহন ৰূপে ? নৈ জান -জুৰি বোৰ পাৰ হ'বলৈ ব্যৱহাৰ কৰিছিল নেকি কলগছৰ ভূৰ , গোটা কাঁঠৰ নাও নে আন কিবা ? আছে বহু আছে তেনে নজনা নপমা বহু কথা । কেতিয়াৱা বাৰু আপোনাকো এনে কথাবোৰে কৌতুহল কৰি নোতোলেনে ? আপোনাৰো মন নাযাই নে এনে বোৰ কথা জানিবলে ??  আকৌ লগ পাম ....।।

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)