তাই- ভেলেন্টীনা তামুলী

©Admin
0
এনেকৈয়ে আহে আৰু যায়
কপালত আঁকি লয় ৰঙা সূৰুয
শীতৰ সেমেকা উৰণি খনেৰে মুখ লুকুৱাই
আহে নেকি সেন্দুৰীয়া বাটেৰে সোণালী সপোন। 
হাঁহি হাঁহি কান্দিবলৈ নিশিকিলে   তাই
বা কান্দি কান্দি হাঁহিবলৈ
চকুপানী নৈ হৈ বোৱাই নিবলৈ 
পাহৰিলে মৰিবলৈ। 
জ্বলি থকা জুইকুৰাত তুঁহ ঢালিলে
আৰম্ভ হ'ল উমি উমি জ্বলিবলৈ
বুকুত সাৱটি কাঁইটীয়া বাটেৰে
সন্তৰ্পনে আগবাঢ়ে তাই পানীৰ সন্ধানত
মৰুভূমিৰ তপত বালি কাঁইটীয়া গছ
তথাপিও যায় আগুৱাই
আশা তাইৰ দপদপকৈ  জ্বলি ছাই হোৱাৰ।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)