চাল্লা নৌ হাৰেঙ কা ইতনা ভি দিমাগ নেহী-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বতৰ আহিলেই মনটো তাহানি অৰুণাচল প্ৰদেশত ইন্জিনীয়াৰিঙ পঢ়ি থকা দিনবোৰলৈ উৰা মাৰি গুছি যায়। আমাৰ কলেজ কেম্পাছৰ পাছফালে থকা ডিক্ৰঙৰ সিপাৰে দৈমুখ নামৰ এখন সৰু ঠাই আছিল । সেই সময়ত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰম্ভ হ'লেই বিশেষকৈ গণিত, পদাৰ্থ বিজ্ঞান আৰু ৰাসায়ন বিজ্ঞানৰ পৰীক্ষাৰ দিনাখন আমাৰ  কলেজত নতুনকৈ নাম ভৰ্তি কৰা মেধাৱী ছাত্ৰ দুই এজনক দৈমুখৰ  মস্তান টাইপৰ ল'ৰা কেইজনমানে  হোষ্টেলৰ পৰা তাগিদা দি লৈ গৈছিল। দৈমুখৰ অৰুনাচলী ল'ৰা কেইজনৰ হাতত  অপদস্থ হোৱাৰ ভয়তে নৱাগত ছাত্ৰ সমূহে পৰীক্ষাৰ দিনাখন ৰাতিপুৱাই তেওঁলোকৰ মটৰ চাইকেলত উঠি গৈছিল । শুনামতে এইদৰে হোষ্টেলৰ পৰা তাগিদা দি লৈ যোৱা ল'ৰা বোৰক নাহৰ লাগনৰ কোনোবা এটুকুৰা  বিশেষ স্থানত লৈ গৈ পৰীক্ষা হলৰ পৰা বাহিৰ কৰি অনা প্ৰশ্ন কাকত সমূহৰ উত্তৰ লিখিবলৈ দিছিল। সেই সময়ত মোবাইল সেৱাৰ ব্যৱস্থা নাছিল বাবে যুগুতাই লেখা উত্তৰবোৰ মটৰ চাইকেলেৰে ইজনৰ পাছত সিজনে কোনোবা স্কুললৈ যোগান ধৰিছিল। পৰীক্ষা কাকতখন লিখাৰ পাছত আমাৰ কলেজৰ পৰা তাগিদা দি লৈ যোৱা ল'ৰাবোৰক লাই পাত দি বনোৱা গাহৰি মাংস আৰু থলুৱা আপং খুৱাই অপ্যায়িত কৰি সসন্মানে পুনৰ হোষ্টেলত নমাই থৈ গৈছিল। 
পঢ়া শুনাত ভাল আছিলো যদিও অসমীয়া মাধ্যমত পঢ়ি অহা ল'ৰাবোৰক তেওঁলোকে আগ্ৰহ নকৰিছিল।  সেয়েহে চুৰ কৰি অনা পৰীক্ষাৰ কাকত লিখি খাবলৈ দিয়া গাহৰিৰ মাংস আৰু আপঙৰ জুতি লবলৈ জগা মনৰ আশা মনতে মাৰ গৈছিল। সেইয়া ১৯৯৫ চনৰ কথা ।
সেইবছৰ মই দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিলো। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ পৰীক্ষা ইতিমধ্যেই আৰম্ভ হৈ গৈছিল।  সেইদিনাখন মই মেছিন চপৰ প্ৰেক্টিকেল ক্লাছ 
শেষ কৰি বাৰটামান হোষ্টেললৈ উভতি আহিছিলো। হোষ্টেলত সোমাই দেখিলো সেইবছৰ নামভৰ্তি  কৰা কেইজন মান  নৱাগত ছাত্ৰই হাঁহি খিকিন্দালি মাৰি কথা পাতি আছে । কৌতুহল বশত সিহঁতে কিনো কথা পাতি আছে বুলি কাণ উনাই শুনিবলৈ চেষ্টা কৰিছিলো।  ল'ৰা কেইজনৰ মাজৰ এজনক সেই দিনাখন উচ্চতৰ মাধ্যমিকৰ গণিতৰ পেপাৰখনৰ বাবে লৈ গৈছিল।  পেপাৰখন অলপ হেনো অলপ দিঘলীয়া আছিল।  সেইবাবে তাক প্ৰশ্ন কাকতখনৰ লগতে উত্তৰ বহীৰ অতিৰিক্ত পাত কেইখিলামান চিধাই তাতেই লিখিবলৈ তাগিদা দিছিল।  বেচেৰাই ভয়ে ভয়ে সুধিছিল,  "ভাইয়া ,হাম ভি answer sheet মে ডাইৰেক্ট লিখেগাতো handwriting অলগ অলগ হোগাতো প্ৰব্লেম নেহী হোগা ?
তাৰ সেই প্ৰশ্নটো শুনি হেনো থলুৱা জনজাতীয় ল'ৰা এজনে কৈছিল, আপপা তুম হাৰেঙ ( অনা অৰুনাচলী)লোগ ইতনা চোষ্টা হায়। উপৰৱালা কিচ লিয়ে দো হাত দিয়া হেই ? কেন্ডিডেট নে তুমহাৰা লিখা answer script  মে left hand writing আউৰ অপনে লিখা answer script মে right hand writing লিখ দিয়া।নৌ হাৰেঙ কো চাল্লা ইতনা ভি দিমাগ নেহী ।  নৱাগতে কোৱা কথাকণ শুনি তাহাঁতৰ লগতে ময়ো হাঁহি ৰখাব পৰা নাছিলো লগতে সেই মস্তান টাইপৰ থলুৱা ল'ৰাজনৰ দিমাগৰ শলাগ নোলোৱাকৈ নোৱাৰিছিলোঁ । পাছে নৱাগত জনৰ পাছৰ কথাখিনি শুনি হে অলপ চিন্তাত পৰিছিলোঁ। নৱাগত ল'ৰাজনক হেনো খুৱাই বুৱাই অপ্যায়িত কৰি থলুৱা ল'ৰাজনে কৈছিল,  "ভাইটি তুম যো যো লিখা হামাৰা ভাই নে পুৰা পুৰি লিখা,পাছ নেহী কৰেগাটো দেখ লেনা।"
সৌভাগ্য বশতঃ পাছৰ বছৰৰ পৰা আমাৰ কলেজৰ পাঠ্যক্ৰমৰ সময়কালৰ সালসলনি ঘটিছিল । উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সমান্তৰাল কৈ আমাৰ কলেজৰ পৰীক্ষা সমূহ অনুস্থিত হোৱাৰ বাবে থলুৱা ল'ৰাই তাগিদা দি নৱাগত সকলক ফাদিল কৰা পৰীক্ষাৰ কাকত লিখিবলৈ নিবলৈ নোৱাৰাত পৰিছিল। মোৰ এনে লাগে বছৰ বছৰ ধৰি চলি থকা এই অপকৰ্মৰ সম্ভেদ চাগে আমাৰ কলেজ পাইছিল। সেইবাবেই পাঠ্যক্ৰমৰ সময়সীমাৰ সালসলনিৰ কৰি সন্ধিৰ বাহ বুদ্ধিৰে কাটি সেই অপকৰ্ম চিৰদিনৰ বাবে নিৰ্মূল কৰিবলৈ সমৰ্থ হৈছিল। 
আজি প্ৰায় ত্রিশ বছৰ আগতেই যদি অৰুণাচলৰ এখন সৰু ঠাইত সংঘটিত হোৱা অপকৰ্ম চিৰদিনৰ বাবে নোহোৱাৰ হ'ব পাৰে সভ্য আৰু শিক্ষিত বুলি ফোঁপজহী মৰা অসমীয়াৰ অসমত ই কিয় সম্ভৱ নহয়।  গতিকে ভৱিষ্যত প্ৰজন্মৰ বাবে চিন্তা কৰি আজি আমি ৰজা প্ৰজা সকলোৱেই পৰীক্ষাৰ কাকত ফাদিল হোৱা এই অপকৰ্ম ৰোধ কৰিবলৈ একেলগে মাৰবান্ধি থিয় দিও আহঁক।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)