নাচি থকা কহুৱা ফুলত
ওলমি আছে মোৰ ভাল পোৱা ।
ধুলিময় দুষ্ট বতাহে আচঁল খহাই
লঠঙা পলাশ শিমলু ডালৰ ,
ফাকুসনা ফাগুনৰ শুভা বঢ়ায় ।
শব্দৰ স'তে ওমলি
শব্দৰ স'তে ধেমালি
শব্দৰ স'তে গোপন মিতিৰালি
শব্দৰ সমদলে বিপ্লৱ কৰা ফচল
মোৰ প্ৰেমৰেই দান
উৰনীয়া মনৰ পাখি গজে
অবাধ্য হৈ
গোপনে চেকুৰে কাষলে ।
বুকুত জ্বলি উঠে -- অশান্ত ঢৌ
আমনি কৰে আশ্চৰ্য সান্নিধ্য ৰে
কটাবলৈ ৰাতি বোৰ - - -
সেইয়া ও মোৰ প্ৰেমৰেই দান ।
নাহাঁহিবা তুমি তেনেকৈ
হাঁহিতে বৰষে আশ্চৰ্য ৰত্ন
চকুতে থাকে ভাঁহি
ভূৱনভোলোৱা হাঁহি ।
শব্দভেদি কৰে গোপনে প্ৰনয়
কষ্ট ,সাধনাৰ যুগ্ম প্ৰয়াসত
উমালকৰি তোলে সিক্ত হৃদয়
সেইয়া জানো
প্ৰেমৰেই দান নহয়।
✍️যদুমণি গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ