সমালোচনা আৰু অপেচাদাৰী নাটৰ আৰৰ সমস্যা-জনাৰ্দন তালুকদাৰ

©Admin
0
এটা জাতিৰ কৃষ্টি-সংস্কৃতিকে আদি কৰি সমাজ এখনৰ বিভিন্ন দিশক সাঙুৰি লৈ বাস্তৱ প্ৰতিচ্ছবি দাঙি ধৰাৰ প্ৰধান মাধ্যমটোৱে হ'ল নাটক। সাহিত্যৰ প্ৰধান বিভাগসমূহৰ ভিতৰত নাটকৰ জনপ্ৰিয়তা সৰ্বাধিক। নাটক যে এবিধ সন্মানীয় কলা মাধ্যম, সেই কথা সমগ্ৰ বিশ্বতে প্ৰতিষ্ঠিত। নাটকৰ সংজ্ঞাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে উমান পোৱা যায় যে "নাটক হৈছে জীৱন বিষয়ক ধাৰণাক অভিনয়ৰ জৰিয়তে দেখুৱাব পৰা এক শিল্প ৰূপ।" নাটক এনেকুৱা এটা মাধ্যম যিয়ে জীৱনক প্ৰতিফলিত কৰি অতি সহজে দৰ্শকৰ মন আৰু মগজুত প্ৰৱেশ কৰে।
      এতিয়া আহোঁ অপেচাদাৰী নাটৰ ভিতৰলৈ। ভ্ৰাম্যমাণ অসমীয়া নাটকৰ গৌৰৱ যদিও ইয়াৰ আত্মা কিন্তু চহৰ নগৰ গাওঁকে ধৰি অসমৰ চুকে-কোণে অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতামূলক বা অপ্ৰতিযোগিতামূলক নাট্যানুষ্ঠানবোৰৰ মাজতহে আছে। এনে নাট্যানুষ্ঠানবোৰক বাদ দি ভ্ৰাম্যমাণ জগতত কিমান সংখ্যক শিল্পী, কলা-কুশলী ওলাব যিয়ে কোনো ৰাষ্ট্ৰীয় স্তৰৰ স্কুল নাইবা কৰ্মশালাৰ পৰা আহি দপদপনিৰ সৃষ্টি কৰিছে। বৰ্তমান ভ্ৰাম্যমাণৰ অভিনেতা-অভিনেত্ৰী সকলে এটা সময়ত এই অপেচাদাৰী মঞ্চতেই তেওঁলোকৰ অভিনয়ৰ জীৱনৰ পাতনি মেলিছিল। এতিয়া কথা হ'ল নাটকৰ এই আত্মা অৰ্থাৎ অপেচাদাৰী নাটকৰ সমস্যা কি ? নাটক এখন মঞ্চস্থ কৰাৰ বাবে যি ধনৰ প্ৰয়োজন হয়, সেই ধন অপেচাদাৰী দলৰ প্ৰায়েই নাথাকে। কোনো ধনী ব্যক্তি বা প্ৰতিষ্ঠানে তেনে নাটকত অৰ্থ বিনিয়োগ কৰিবলৈ আগবাঢ়ি নাহে, তাৰ মূল কাৰণ হ'ল সেই বিনিয়োগৰ ধন ঘুৰি অহাৰ কোনো পথ নাথাকে। এয়াই হ'ল অপেচাদাৰী নাটৰ প্ৰকৃত সমস্যা। কিন্তু তাৰ মাজতেও তেওঁলোকে নাটক কৰিয়েই থাকে। প্ৰশ্ন হয়, এনেদৰে নাটক কৰি থকাৰ কাৰণ কি? কাৰণ এটাই নাটকৰ প্ৰতি থকা অন্তহীন ভালপোৱা। নাটকৰ জৰিয়তে জীৱনক আৱিস্কাৰ কৰাৰ, অনুভৱ কৰাৰ যি আনন্দ; সেই আনন্দৰ মুখামুখি হোৱা।

     বৰ্তমানেও বহুল প্ৰচলিত সামাজিক মাধ্যমত নাটকৰ সমস্যা কেন্দ্ৰীক আলোচনা-সমালোচনা সমূহ এতিয়াও ভ্ৰাম্যমাণক লৈয়ে সীমাবদ্ধ হৈ আছে। নাটকৰ সমস্যা মানে যেন অন্য নহয়, ভ্ৰাম্যমাণৰহে আৰু এইখিনিতে আমি নাট্য সমালোচক আৰু নাট্যপ্ৰেমী দৰ্শকৰ দৃষ্টিভংগী সলনি হোৱাটো বিচাৰোঁ। আমি বিচাৰো সচেতন নাট্য সমালোচকে নাটকৰ সমস্যাৰ প্ৰতি সচেতনভাৱে নজৰ দিয়ক। অপেচাদাৰী নাটকে ভুগি থকা গুৰুতৰ সমস্যাৰ মাজত সমালোচকে এটা চকু মুদি আনটো চকুৰে নাট্য সমালোচনা মানে কেৱল ভ্ৰাম্যমাণৰ নাট সমালোচনাতে সীমবদ্ধ থকাটোও এক অন্যতম সমস্যা। নিজ ঐতিহ্য, পৰম্পৰা, সংস্কৃতি পাহৰি অন্য দিশ বা অন্য ধাৰাৰ কাষ চাপি নাটক ৰচনা কৰিবলৈ যোৱাটো অপেচাদাৰী অসমীয়া নাট্যকাৰৰ আন এক ক্ৰতি। কিন্তু স্বীকাৰ কৰিব লাগিব যে অপেচাদাৰী নাট্যক্ষেত্ৰখনৰ লগত এতিয়াও ভালেখিনি সুনিপুণ নাট্যকাৰ জড়িত হৈ আছে। এয়া অপেচাদাৰী নাট্যক্ষেত্ৰখনৰ বাবে এক আশাৰ সংকেত। ব্যৱসায় ভিত্তিত গঢ় লৈ উঠা ভ্ৰাম্যমাণক বাদ দি অপেচাদাৰী নাটৰ প্ৰযোজনাতো যে প্ৰেক্ষাগৃহ, মঞ্চ সজ্জা, পোহৰ, প্ৰচাৰ, শব্দ, নিয়মীয়া আখৰা, প্ৰতিযোগিতামূলক নাট বিচাৰকৰ মাননি, পুৰস্কাৰ, দলক আপ্যায়ন আদিৰ লগতে আৰু এশটা এনেকুৱা সমস্যা যে জড়িত হৈ আছে তাকো বিচাৰ কৰিব লাগিব। সেইবোৰ কথা তথাকথিত নাট্যসমালোচনা, নাট্যনীতিৰ অন্তৰ্ভূক্ত নোহোৱাটোও নাটকৰ গণবিচ্ছিন্নতাৰ অন্যতম কাৰণ। নাট্যগোষ্ঠী একোটাৰ আৰ্থিক দৈন্যতাৰ লগতে উদযাপন সমিতিৰ আৰ্থিক অনাটনৰ বাবে কেনেকুৱা দুখলগা পৰিৱেশৰ সৃষ্টি হয় সেয়া নাট্যদল আৰু উদযাপন সমিতিত থাকি নাট্য আন্দোলনৰ ধাৰা ৰক্ষা কৰা লোকসকলেহে বুজে। তথাপি আমাৰ দৰে আধাকেঁচেলুৱা লোকৰ দ্বাৰা অসমীয়া নাট্য আন্দোলনৰ ধাৰাটো চলাই থাকিবলৈ চেষ্টা অব্যাহত আছে যদিও সেয়া পেটত গামোচা বান্ধিয়ে।

      এইবোৰ দিশৰ উপৰিও নাট্যকৰ্মীৰ অধ্যয়ন বিমুখিতা, নাট্যদল সমূহৰ মাজত সহমৰ্মিতা, সমন্বয়ৰ অভাৱ, নাটক সম্পৰ্কীয় গঠনমূলক পৰ্যালোচনা, নাটকৰ সঠিক মূল্যায়ন কৰিব পৰা সমালোচনাৰ অভাৱে গোটেই অপেচাদাৰী নাট্যধাৰাটোক ভৱাতকৈও বেছি ক্ষতি কৰি আহিছে। আজি পৰিৱেশিত নাটক এখনৰ সমালোচনা কৰিবলৈ যাওঁতে নাটকখনৰ প্ৰকৃত ৰং, পোহৰৰ ৰং, বৰ্ণ-বাক, সংগীত, মঞ্চসজ্জা, ৰূপসজ্জা আদিৰ কিয় প্ৰকৃত সমালোচনা হোৱা নাই, সেয়া কি নাটকৰ অংগ নহয় ? এনে কি কাৰণ থাকিব পাৰে যে সাংস্কৃতিক মন্ত্ৰালয়ে হওঁক বা চৰকাৰ বিদ্যায়তনিক প্ৰতিষ্ঠান সমূহে হওক ক'তো এতিয়ালৈ নাট সম্পৰ্কে সঠিক প্ৰণালীবদ্ধ পৰিকল্পনা আজিকোপতি হোৱা নাই। অপেচাদাৰী নাটকত যে নাটকৰ প্ৰকৃত আত্মা আৰু প্ৰাণ সোমাই আছে সেই কথা চৰকাৰে অনুভৱ কৰি নাটকৰ ক্ষেত্ৰখনত পৃষ্ঠপোষকতা আগবঢ়াৱা উচিত। নহ'লে প্ৰকৃত নাট্য আন্দোলনৰ ধাৰাটো অতি সোনকালে অন্ধকাৰমুখী হৈ পৰিব। নিজৰ পকেটৰ পইছা খৰছ কৰিয়ে অসমৰ বিভিন্ন প্ৰান্তত বহু অপেচাদাৰী নাট্যদলে মনৰ জোৰত নাটক কৰি আহিছে। অপেচাদাৰী নাট্যক্ষেত্ৰখনত চৰকাৰৰ পৃষ্ঠপোষকতা থকা হ'লে হয়তো অসমৰ অসমৰ নাট্য আন্দোলন আৰু বেছি আগুৱাই গ'লহেতেন। চলচিত্ৰ মহোৎসৱৰ দৰে অসমৰ বিভিন্ন প্ৰান্তৰ নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হোৱা দলসমূহক লৈ অপেচাদাৰী নাট মহোৎসৱ চৰকাৰী উদ্যোগত আয়োজন কৰি এই নাটক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা শিল্পী, কলা-কুশলী সকলৰ সাংস্কৃতিক, আৰ্থিক, সামাজিক উত্তৰণৰ দিহা কৰিব পাৰে।
              গতিকে আহক আমি সকলোৱে মিলি অসমীয়া নাটকৰ প্ৰাণ আৰু আত্মা জড়িত হৈ থকা অপেচাদাৰী ধাৰাটোৰ বাবে ৰজাঘৰক সুকীয়া নীতি বিচাৰি দাবী কৰোঁ।

✍️জনাৰ্দন তালুকদাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)