সুৰৰ সমীৰ-ৰজনী কুমাৰ ডেকা

©Admin
0
অবিনাশ মনত সৰু সৰু
আশা মোৰ ওপজি উঠে,
অকুলন হওঁক বুলি নকৰো কাতৰ
তোমাৰ কণ্ঠই বাজি উঠে মোৰ 
হৃদয়ৰ দলিচাত ৷
জ্বলিছে যদি জ্বলক চকুৰ অগনি
নিগৰি পৰিব তপ্ত লোটক বোৰ ৷
স্তব্ধ হৈ ৰম সুগন্ধি বকুলৰ তলত
অকণ্টক আজি মই চোৱা 
নাতি দূৰৈৰ পৰা ৷
তোমাৰ ছায়াত সপোন পুহি ৰাখিছো ,
সজাটিৰ মইনা হৈ থাকিবা তুমি
পলে পলে প্ৰতিক্ষণে ৷
নিবিড় হৈ ৰওক সুৰৰ সুগন্ধি সন্ধিয়া ,
গানৰ নিবিদা নহয় এয়া সাধনাৰ সুৰ ৷
কৃষ্ণচুড়াৰ ৰঙীন পাপৰিৰে 
প্ৰজ্বলিত মালা গুঠিম গানৰ আঁৰত 
প্ৰণয়ৰে বোৱতী বব সুৰৰ সমীৰ ৷

         🔴ৰজনী কুমাৰ ডেকা
                 ৰঙিয়া ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)