অত্যাচাৰ-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
নিহাৰিকাই কথাবোৰ ভালকৈ ধৰিব নোৱাৰে।মানুহেও মানুহক ইমান নিষ্ঠুৰভাৱে অত্যাচাৰ কৰিব পাৰেনে? সৰুৰে পৰা তাই দেখি আহিছে ওচৰৰে বৌৱেক জনীয়ে কেনেকৈ অত্যাচাৰ নিৰৱে সহি আহিছে। গিৰিয়েকে নিষ্পাপ শিশুকেইটাৰ মুখলৈ এবাৰো নাচায়। তাইৰ মনত হাজাৰটা প্ৰশ্নই খেলা কৰিলে।তেনেতে বৌৱেকৰ চিঞৰত তাই বাহিৰলৈ ওলাই আহিল।

: কি হ'ল বৌ।

: দাদাই মোক হাতখনতে কাটি দিলে।

: বৌ, চাওঁ এইপিনে আহা ইমানকৈ তেজ ওলাইছে।

: চোৱাচোন মই একোৱেই কৰা নাছিলোঁ। কেনেকৈ.......!

: তুমি সদায় সদায় আমাৰ ঘৰলৈ কিয় আহি দিয়া বাৰু? মাহঁতৰ ঘৰলৈ যাবা।কিবা এটা হ'লে মই অকলে কি কৰিম।যি হ'লেও তেওঁলোক তোমাৰ নিজৰ ঘৰৰ মানুহ ।নিহাৰিকাৰ মাকে কৈ উঠিল।

: মা বৌক একো নক'বা।দেখিছা নাই ইমানকৈ তেজ পৰিছে।কিবা এখন কাপোৰ আনা।
               
                  হাতখনত কিবাকিবি লগাই কাপোৰ বান্ধি দিয়া পিছত বৌৱেকক শাহুৱেকৰ ঘৰত থৈ আহিলগৈ।ঘৰলৈ আহি দেখিছে তাহাতৰ তুলসী তল গোটেই তেজেৰে ৰঙা হৈ আছে।নিহাৰিকাৰ তেজ দেখি গাটো কিবা লাগি গ'ল। ইফালে সৰু ল'ৰা ছোৱালী কেইটাই ঘৰত কান্দি আছে।তাহাতকো কিবা কৰিব বুলি ভাবি তাই মাকৰ তলত খৰখেদাকৈ দৌৰি গ'ল।
                   কেইদিনমানৰ পিছতে আকৌ এটা ঘটনা ঘটিল। গিৰিয়েকে বৌৱেকক মূৰতে মাৰি দিলে।বৌৱেক জনী জপনা মুখলৈ দৌৰি আহিছিল কিন্তু তাই আৰু মূৰৰ আঘাতত উঠিব নোৱাৰিলে।তাইক হস্পিতাললৈ লৈ গ'ল। ল'ৰা ছোৱালী কেইটাক শাহুৱেকৰ লগত নিহাৰিকাৰ মাকে চোৱা চিতা কৰিলে। গাঁৱৰ মানুহে যেতিয়া গিৰিয়েককক ঘৈণীয়েকৰ কিবা হ'লে তাকো শাস্তি দিয়া হ'ব বুলি ক'লে তেতিয়া ইখনৰ পিছত সিখনকৈ মেডিকেললৈ নিলে।
                    বৌৱেক মৃত্যুৰ মুখৰ পৰা বাচি আহিল হয় কিন্তু লাহে লাহে তেওঁ মানসিক ৰোগী হৈ পৰিল। গিৰিয়েকে শেষত কথাবোৰ অনুশোচনা কৰিলে। গিৰিয়েকৰ অত্যাচাৰৰ বাবেই আজি ওচৰৰ বৌৱেক জনী মানসিক ৰোগী হৈ পৰিল।


◾দিপশিখা ৰাজকোঁৱৰ !

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)