ফল্গুৎসৱৰ পৌৰাণিক আৰু আধ্যাত্মিক অভিব্যক্তি-সুশান্ত দাস

©Admin
0
ফাকুৱা বা ফল্গুৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ। এই দৌল উৎসৱক ভাৰতবৰ্ষৰ ভিন্ন জাতি-সম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলম্বী লোকে বিভিন্ন নামেৰে পালন কৰা দেখা যায়। এই উৎসৱৰ লগত অনেক পৰম্পৰা আৰু লোকবিশ্বাস জড়িত হৈ আছে। এই উৎসৱৰ মূল উদ্দেশ্য হৈছে - মানুহ, জীৱ-জন্তুৰ উৰ্বৰতা বৃদ্ধি কৰা। ইয়াৰ মাজেৰে আধ্যাত্মিক আৰু পৌৰাণিক বিবৃতি পোৱা যায়। শ্ৰীকৃষ্ণই সৰুৰে পৰা ধেমালিৰ মাজেৰে নিজৰ লীলা প্ৰকাশ কৰিছিল। তেওঁৰ মহিমা অপাৰ। তেওঁক কলিয়া কৃষ্ণ বুলি সকলোৱে হাঁহে। ৰাধা ইমান বগা, ৰাধায়ো মোক হাঁহে—এই অভিযোগ শিশু কৃষ্ণৰ। মাক যশোদাই মিচিকিয়াই হাঁহি কৃষ্ণক কয়—তুমি গৈ ৰাধাৰ মুখত ৰঙ সানি দিয়া। কথামতে কৃষ্ণই গৈ ৰাধা সমন্বিতে গোপীসৱক ৰঙ লগাবলৈ খেদি ফুৰে। এক বাৎসল্য ধেমালিৰ দৰ্শন। এই উৎসৱ কোনো বিশেষ ধৰ্মীয় উৎসৱ নহয়্। ই প্ৰত্যেক ভাৰতীয়ৰে উৎসৱ। কাৰণ ভাৰতীয় ধৰ্ম গ্ৰন্থত ই এক বাৎসল্য ধেমালিহে। এই উৎসৱে ধনী-দুখীয়া, ডাঙৰ-সৰু, শত্ৰু-মিত্ৰ সকলোকে লিঙ্গ বৈষম্য নোহোৱকৈ বাৎসল্য প্ৰেম জগাই তুলি এক হ’বলৈ অনুপ্ৰাণিত কৰে। এনে মহান আদৰ্শ কেৱল ভাৰতীয় সংস্কৃতিতেই পোৱা যায়। ধনী-দুখীয়া, ডাঙৰ্-সৰু, শত্ৰু-মিত্ৰৰ মাজৰ প্ৰাচীৰ খন আত্ম শুদ্ধিতাৰে এই উৎসৱে নোহোৱা কৰে বাবে এই উৎসৱক হোলী উৎসৱো বোলে। ইয়াৰ এটি প্ৰতীকৰঞ্জক কাহিনী আছে। দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ বিষ্ণুভক্ত হোৱা বাবে দৈত্যৰাজে পুত্ৰক পুৰি মাৰিবলৈ ভনীয়েক হোলিকাক আদেশ দিলে। হোলিকাক জুইয়ে পুৰিব নোৱাৰাৰ শক্তি আছিল। সেয়ে হোলিকাই প্ৰহ্লাদক কোলাত লৈ জুইৰ মাজত সোমাই গ'ল। অতি শান্তভাৱে প্ৰহ্লাদে সেই প্ৰত্যাহ্বান মানি ল'লে আৰু বিষ্ণু আৰাধনাত নিমগ্ন হৈ থাকিল। সকলোকে আচৰিত কৰি প্ৰহ্লাদক জুইয়ে নুপুৰি হোলিকাকহে জুইয়ে আগুৰি ধৰিলে। নিজৰ ভুল বুজি হোলিকাই ক্ষমা ভিক্ষা কৰিলে আৰু বিষ্ণুক আৰাধনা কৰিলে। মৃত্যুৰ আগমুহূৰ্তত বৈষ্ণৱ প্ৰহ্লাদে হোলিকাক আশীৰ্বাদ দিলে আৰু ক'লে প্ৰত্যেক বছৰে মানুহে তেওঁৰ শুদ্ধিতাক সুৱঁৰি সেই দিনটো তেওঁৰ নামেৰে হোলী হিচাপে পালন কৰিব। গতিকে হোলী আমাৰ আত্মশুদ্ধিতাৰ উৎসৱ। বাৎসল্য প্ৰেমত কোনোধৰণৰ আত্মিক কলুষতা নাথাকে বাবে দুয়োতা কাহিনী এক কৰি এই উৎসৱটো ৰঙৰ উৎসৱ হিচাপে পালন কৰা হয়।  
ইয়াৰ এটা বৈজ্ঞানিক দৃষ্টিভংগীও আছে। ফাগুন মাহৰ বতৰে বিভিন্ন বেমাৰৰ বীজাণুৰ জন্ম দিয়ে। সেয়ে হোলিকা দহন হিচপে হোলীৰ আগদিনা ৰাতি প্ৰত্যেকে ঘৰৰ অলাগতিয়াল বস্তুসমূহ জ্বলাই উৎসৱৰ ব‌‍হ‌্বাৰম্ভ কৰে। এনে কৰিলে বেমাৰৰ বীজাণুসমুহ ধ্বংস হয়। এই সময়ছোৱাত বতৰৰ পৰিৱৰ্তন হয়। ফলত আমাৰ এলাহ আৰু অৱসাদভাৱে আমাক ক্লীষ্ট কৰি ৰাখে। উৎসৱমুখৰ পৰিৱেশ এটাই আমাৰ প্ৰাণত নতুন সজীৱতাৰ সঞ্চাৰ কৰে। ভাইৰাছজনিত বিভিন্ন বেমাৰ যেনে সৰু আই , মাজু আই, জ্বৰ আদি এই সময়ছোৱাত হয়। প্ৰকৃতিৰ পৰা বনোৱা ৰঙসমূহ দেহত লগালে সেইবোৰ দেহত সোমাই গৈ ভেকচিনৰ দৰে দেহৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। গতিকে বৈজ্ঞানিকভাৱে ক'ব পাৰি যে ই স্বাস্থ্যশুদ্ধিতাৰ উৎসৱ। ফল্গুৎসৱৰ এনে চিত্তাকৰ্ষক গুণ থকাৰ বাবেই সমগ্ৰ ভাৰতবৰ্ষত ইয়াৰ লোকাচাৰ আৰু সদাচাৰ প্ৰতিষ্ঠিত হৈছে। 


সুশান্ত দাস, বলিয়াঘাট তিনি আলি
গৌৰীসাগৰ, শিৱসাগৰ।
ভ্ৰাম্যভাষ: ৯১২৭২৪৭৫১৯

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)