কাঁ‌ইটে বিন্ধিব নোৱাৰে কোমল তলুৱা-অনন্ত কুমাৰ ভূঞা

©Admin
0
সেই সুৰ পুৰণা হ'ল
কণ্ঠত বাজি নুঠে বেদনাৰ ৰোল
হাতত কলম
বিজয়ৰ তিলক কপালত
মুক্ত কণ্ঠৰ যুগজয়ী নাৰী
প্ৰগতিৰ চিন্তাকৰ্ষক 
শোষিতা ধৰ্ষিতা অপবাদৰ উপাধি নলয় ,
ক্লেশযুক্ত মনৰ গৰাকী নহয় 
চকুৰ পানীয়ে সৃষ্টি কৰে জ্ঞানৰ সাগৰ
দৃষ্টি নতুন সন্ধানৰ 
সুললিত কণ্ঠ সুমধুৰ 
নব্য প্ৰতিভাৰে উদ্ভাষিত জীৱনবোধ  
উৰ্বৰ চেতনা
অভিসাৰৰ তৰঙ্গত নৃত্য নকৰে 
স্বপ্ন প্ৰহেলিকাই ফুচুলাব নোৱাৰে 
লুটিব নোৱাৰে যৌৱন
অপযশৰ দায়িত্ব নলয়
নষ্ট মনেৰে চিত্ৰকল্প তুলি নধৰে 
অবাঞ্চিত অপবাদ ঘৃণাৰে দলিয়ায়  
পিঞ্জৰাবদ্ধ ভৃত্য নহয় 
বিচাৰে লিংগ বৈষম্যৰ সহমৰ্মিতা 
সম অধিকাৰৰ দাবীদাৰ
নাৰী যি বাটেৰে খোজ কাঢ়ে
সেই বাটত সুগন্ধি ফুল ফুলে 
কি যে স্বপ্নময় বিস্ময়  
কাঁ‌ইটে বিন্ধিব নোৱাৰে কোমল তলুৱা।


✍️অনন্ত কুমাৰ ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)