বিকলাংগ-জয়শ্ৰী হাতিমুৰিয়া

©Admin
0
বিকলাংগ মানে কি ? যাৰ হাত এখন বেঁকা ,যাৰ ভৰি এখন বেঁকা ভাল দৰে কথাফুটাই ক'ব নজনা আৰু অনাই ন 
বুলি কওঁ ।

কিন্তু আমি হৃষ্ট পুষ্ট মানু্হ হৈ যদিও, নিজকে ভাল বুলি কব পাৰিম জানো !
নোৱাৰোঁ কাৰণ তেওঁলোকক ঘৃণা কৰা হয় বা পাগল বুলি কৈ তেওঁ লোকৰ পৰা 
আঁতৰি অহা হয় ।
এফালৰ পৰা চাব গলে ভগৱানে চবকে একে দিব পাৰিলে হয় , কিন্তু নহয়।
কাৰণ পাঁচটা আঙুলি কাহানিও সমান হব নোৱাৰে সেইবাবে কাহানিও মানুহ একে হ'ব নোৱাৰে ।

মোৰ জীৱনত বহুতো বিকলাংগ মানুহ দেখিছোঁ তেওঁলোকে আমাতকৈও বহুত দুখ কষ্ট কৰি ঘৰ এখন চলাব লগীয়া হৈছে।

বিকলাংগসকল জীয়াই থকা সময়কণ শান্তিত থাকিব নোৱাৰে আৰু মৃত্যু সময়টো মানুহে নিন্দা কৰা হয় ।

সেইবাবে কওঁ মানুহ যিমান দিন জীয়াই থাকিম বুলি ভাৱে একে লগে মিলি জুলি থাকিম ভাৱিব লাগে।
বিকলাংগ বুলি নিন্দা নকৰিব ,তেওঁলোকৰ মনবোৰ আমাতকৈও ডাঙৰ ।
আহক বিকলাংগসকলো শ্ৰদ্ধা আৰু মৰম আশীৰ্বাদ কৰোঁ ।।


                   ✍️ জয়শ্ৰী হাতিমুৰিয়া
                   গোলাঘাট জোনাকী নগৰ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)