মৰহা ফুলৰ সুবাস-ৰিম্পী ভঁৰালী

©Admin
0
স্মৃতিৰ শুকান পাতখিলা আজি 
সজীৱ পাত হৈ গগণ ভেদিছে,
মৰহা ফুল পাহে আকৌ
প্ৰেমৰ সুবাস বিলাইছে,
সমস্ত বিষাদবোৰ আজি
সুখলৈ পৰিৱৰ্তিত হৈছে,
চকুৰ টোপালবোৰ আজি
মুখত হাঁহি হৈ বিৰিঙিছে,
ইমানদিনে নিস্তব্ধ হৈ থকা
হৃদয়ৰ পক্ষীটিয়েও প্ৰেমৰ 
মলয়াত মতলীয়া হৈ 
পৰাণৰ গীত জুৰিছে, 
ইমানদিনে বন্ধ হৈ থকা
হৃদয়ৰ দুৱাৰখনেও প্ৰণাম জনাইছে ।
তুমি আহিলা বাবেই মোৰ 
জীৱনে ন ৰূপ পালে
সদায় থাকিবা হৃদয়ত তুমি 
আকৌ মৰহিব নিদিবা 
প্ৰেমৰ কলিটি ।

              ✍🏻ৰিম্পী ভঁৰালী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)