ভাল লগা সপোন-অভিজিৎ দাস

©Admin
0
ভাল লগা এটি সপোন,,,,,,,
কেতিয়াও বাস্তৱ হৈ নুঠা এটি সপোন,
তুমি আৰু মই।
ছন্দবিহীন সুৰেৰে কৈছিলো মই
হয়টো তুমি বুজি নুঠিলা,
সপোন হৈ ৰ'ল বহু কথা, 
ক'বলৈ খুজিও ৰৈ যাও----
বাস্তৱতাত তোমাক বিচাৰি নাপাওঁ
শূণ্যতাৰ আকাশত তুমি জিলিকা এটি তৰা,
মোৰ হৃদয় গভীৰতাৰ এটি কবিতা।
স্মৃতিবোৰ ৰৈ গ'ল 
বগৰী বিচৰা পথাৰখনে আজিও
তোমাৰ বাবেই যে ৰৈ আছে,
চতিয়না জোপাইও সুধিছে তোমাৰ কথা
মোৰ সপোনৰ কথা বোৰত
কপৌহালেও কিৰিলিয়াই হাহিছে;
নাজানো, কিয় এনে হয়,
কিয় সপোনবোৰে খেদি ফুৰে,
কিয় মৰমবোৰ আতৰি যায়,,,,,,,
আহাছোন, এবাৰ কৈ যোৱাহি,,,,,
শিমলুজোপা কিন্তু এতিয়া নাই,
প্ৰেমৰ সংজ্ঞা দিব পাৰিবা জানো?
হয়টো এয়াই বাস্তৱ!
য'ত তোমাৰ বাবে মই
এটি চিয়াঁহী নোহোৱা কলমৰ ৰিফিল,
মূল্যহীন গ্ৰেফাইট টুকুৰা।
তথাপিও মই ৰৈ আছোঁ
তোমাৰ বাবে,,,,,,
ভাল লগা সপোনটি দিঠক কৰিবলৈ,
মই ৰৈ আছোঁ
ছন্দবিহীন গানটোত সুৰ দিবলৈ।
আহিবাদেই তুমি,,,,,,
মোৰ হৃদয়ত প্ৰেমৰ ৰক্তগোলাপ সজাবলৈ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)