সিহঁতৰো মন যায়,
দুবেলা দুমুঠিৰ বাবে
তেজক পানী কৰি
মৰঘাম মাটিত পেলাই
জীৱন পাত কৰা
কংকাল সদৃশ জীৱনবোৰৰো!
ওৰেটো জীৱন অভাৱৰ সতে
যুঁজি যুঁজি জীৱনৰ ৰং পাহৰিলেও
সিহঁতেও নতুন সুৰুযৰ আশাত
আশাপালি ৰৈ থাকে,
আশায়েইটো জীৱন
বোধকৰোঁ সেইবাবেই!
সিহঁতৰ মুখৰ ভাতগৰাহ
শগুণবোৰে টনাটনি কৰি
কাঢ়ি নিওঁতেও
সিহঁতে প্ৰতিবাদ নকৰে!
কাৰণ সিহঁত নিঠৰুৱা হ'লেও
সিহঁত ৰাক্ষস নহয়,
সিহঁত মাটিৰ মানুহ
সিহঁতৰো আছে এটা মানৱ মন
আছে সাগৰ সদৃশ এখন অন্তৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ