কণ কবিতা-দিলীপ কুমাৰ শৰ্মা

©Admin
0
/১/

আইৰ মুখৰ
ভাষা ক'বা,
তেহে জগতক
চিনি পাবা।।

       /২/

ছাৰে লিখিব 
দিয়া অনুস্বৰ,
নিলিখাত হৰক
ছাৰে দিলে চৰ।

        /৩/

মহটোৱে ডাঁহক
ক'লে- অলপ বহ,
মাতি লওঁ নেওতা
একৰ পৰা দহ।।

        /৪/

শহাটো বহাত
চাৰি ঠেং মেলি,
ৰহাৰ মহাৰ
লাগিল খেলিমেলি।।

        /৫/

ভেঁকৈ কন্দাত
সৰু মইনাই,
ভায়েকে ৰঙতে
চাপৰি বজায়।।

        /৬/

এশটা গোলাপ
দেখুৱাই দি,
নাম হেনো সৰোজ
বুলি ক'লে সি।।

(ৰোজ মানে গোলাপ , 
স মানে শ বুজাব খুজিছে)

     /৭/

ম'হৰ গাড়ী 
নহয় সৰু,
উঠাই দিলে
ধৰিব গৰু।।

        /৮/

হাতত লৈ
বাঁহৰ টাঙোন,
মাছ ধৰাগৈ
লাচিম-ভাঙোন।।

       /৯/

গোবৰত পৰি
এটা গুবৰুৱাই,
ল'চালি দুটাক
থ'লে শুৱায়।।

        /১০/

শুৱালকুচিৰ
গুৱালে আহি,
গাখীৰৰ সলনি
গুৱাহে দিলেহি।।

        /১১/

দেউতাই ফালি
চুলিত সেওতা,
ভণ্টিক শিকাইছে
মাতিব নেওতা।।

      /১২/

গুৰগাওঁৰ 
গুৰ খাই,
সুৰ লগাই
গীত গায়।।

      /১৩/

মনোৰমে ক'লে
চাহ হ'লে গৰম,
চেঁচা হোৱালৈ
মই বাৰু ৰ'ম।।

        /১৪/

ওলোৱা শুনি
এটা ধুমকেতু,
দৌৰি দিলোঁ
চোৱাৰ হেতু।।

        /১৫/

বৰমাই পিন্ধি
চকুত চছমা,
খাই আছে
চাহেৰে খুৰমা।।

        /১৬/

জোনাকৰ হেনো
দীঘল নাক,
গোন্ধ লৈয়ে কয়
কোনডাল কি শাক।।

       /১৭/

চাকৰি কৰি
ধন গোটাই,
বাকৰিত গৈ
চকৰি ঘূৰায়।

        /১৮/

বাকৰিত থকা
পাকৰিত পৰি,
চৰায়ে গুটি
খালে প্ৰাণভৰি।।

       /১৯/

বিচাৰি বিচাৰি
ঘৰৰ ৰুৱা,
বৰুৱা হ'ল
বৰ ভাগৰুৱা।।

        /২০/

ঘোঁৰাই কিয়
থিয়ৈ শোৱে,
বুজি নাপাই
উট বাপুৱে।

**************

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)