বেকাৰ জীৱন-আজমত আলী

©Admin
0
ৰাতিবোৰ গভীৰ হ’লেই
দুখ বোৰৰ উজান উঠে
জীৱনৰ নিমিলা অংকবোৰ পাতোতে ভাঙোতে
হৃদয়ৰ শুকুলা পৃষ্ঠাত
নিৰাশাৰ কজলা ডাৱৰ ভাঁহে ৷

বিফল জীৱন পথৰ
সফল পথিক মই
সুখ বুলিয়েই নিতে সাৱটি লওঁ
দুখৰ এলান্ধু ৷

হয়তো তোমাৰ দৃষ্টিত
চাৰিআলিৰ চকত বহি আদ্দা দিয়া
বেকাৰ,বেনামী ল’ৰাটো মই
সহস্ৰজনৰ উপহাস শুনিও
নীৰৱে সহি থাকিব পৰা নিৰ্লজ্জ মনৰ গৰাকী ৷

চাকৰি এটা নাই বাবেই
হয়তো তোমাৰ দৃষ্টিত মই নিষ্কৰ্মা
তুমি কি বুজিবা..........
সময়ৰ প্ৰতাৰণা ৷
কাৰণো বুকুত আছে.........
বেকাৰ জীৱন জিজ্ঞাসা
তুমি ভবাৰ দৰে
মইতো নহয় ডাষ্টবিনৰ আৱৰ্জনা ৷

চিগাৰেটৰ ধোঁৱাৰে ক’লা কৰা
দুই ওঁঠৰ ভাজত লুকুৱাই ৰাখোঁ
চাৰ্টিফিকেটত সীমাবদ্ধ ডিগ্ৰীবোৰৰ বিষন্নতা ৷


কেতিয়াবা পঢ়ি চাবা
বেকাৰ ল’ৰাটোৰ দুচকুৰ সপোন বিলাসিতা
গণি চাবা
জীৱনত একো এটা কৰিব নোৱাৰি
আপোনজনকো হেৰুৱাই পেলোৱাৰ দুখত
বুকু ভেদি নিগৰি অহা
অপ্ৰাপ্তিৰ হুমুনিয়াহ
      
      ✍️আজমত আলী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)