অতীত মাধুৰী-ৰিমাশ্ৰী কোচ ৰাজবংশী

0
কেতিয়াবা অতীত সোঁৱৰণিৰ বৰষুণজাকত বৰ বেয়াকৈ তিতো,
পুনৰ অতীতলৈ ঘূৰি যাব খোজোঁ ।
অলপ সুখ আৰু শান্তি বিচাৰি
উভতি যাওঁ মই অহা বাটেৰেই,
অতীতৰ মেদিনীলৈ ।

মোৰো এটি সুন্দৰ অতীত আছিল,জানা!
আছিল হাজাৰ-বিজাৰ সপোন আৰু বহুতো আশা। 
অতীতত মোৰ আছিল এটি উজ্জ্বল ভৱিষ্যত,
আৰু ভৱিষ্যতত ৰ'ব এটি সুন্দৰ অতীত
কিয়নো মোৰ বৰ্তমান যে ধুৱলী-কুঁৱলী ।

স্মৃতিৰ বোকোচাত উঠি কেতিয়াবা ফুৰিবলৈ যাওঁ অতীতলৈ ,
আকৌ স্বপ্নৰ বোকোচাত উঠি কেতিয়াবা যাওঁ ভৱিষ্যতলৈ ।

কেতিয়াবা এই জীৱন নদীখনি পাৰ হ'ব বিচাৰোঁ,
অন্ধকাৰ বৰ্তমানৰ পৰা পলাই হাত সাৰিব খোজোঁ,
কিন্তু ক'ত যাম মই? 
মই যে দিশহাৰা ।
নালাগে মোক বৰ্তমানক,
পুনৰ উভতাই লাগে সেই সুমধুৰ স্মৃতিৰে পৰিপূৰ্ণ সোণালী অতীতক ।
      
                     ✍🏻ৰিমাশ্ৰী কোচ-ৰাজবংশী
                        দশম শ্ৰেণী
                        ঢকৱাখনা
                         লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)