বন্দী চামুৰাই- চুমিন্দ্ৰ চৌধুৰী

©Admin
0
অৱশেষত ধাৰাষাৰে বৰষি থকা বৰষুণ জাক থমকি ৰৈছিল। ভালেমান সময় ধৰি নুঙছিগুম পাহাৰৰ সিপাৰৰ পৰা গুলী বাৰুদৰ শব্দও কাণত পৰা নাছিল। তথাপিও পিঠা গুৰি চলা চালনিৰে সৰকি পৰাৰ দৰে কিনকিনাই দি থকা বৰষুণ জাকৰ বাবে আচানবিৰ মন আৰু কেবিৰ বতৰ দুয়োটাই গোমা পৰি আছিল। বসন্তৰ আগমনৰ লগে লগে বৰষুণৰ পানীত গা মুৰ তিয়াই নুঙছিগুম পাহাৰৰ লঠঙা গা-গছবোৰে কোমল সেউজীয়া ৰঙচুৱা পাতৰ সাজ পিন্ধে। বসন্তৰ ৰহন সনা সাজ পিন্ধা সেই নুঙছিগুমৰ বুকুৰ মাজৰ লুংলুঙীয়া বাট বোৰেৰে তাই এটি চঞ্চলা পখিলী হৈ উৰি ফুৰিব ভাল পাইছিল। পাছে হঠাত সংঘটিত হোৱা যুদ্ধখনে চব খেলি মেলি লগাই দিলে। জাপানীজ বোমাবৰ্ষণত ককায়েক আচিবাৰ মৃত্যু হোৱা বুলি ধাৰণা কৰাৰ পাছৰে পৰা তাইৰ ঘৰখন ম্লান পৰি গৈছিল। দিনক দিনে তাইয়ো গহীন হৈ পৰিছিল। মনৰ ব্যায়াকুলতা দুৰ কৰিবলৈ মাজে সময়ে তাই নুঙছিগুমৰ বুকুত অনাই বনাই ফুৰিছিল । কিন্ত আগৰ দৰে তাই বিনা শংকাই মুকলিমুৰীয়া হৈ পাহাৰখনৰ বুকুত ঘুৰি ফুৰিব পৰা নাছিল। লগত অতন্দ্ৰ প্ৰহৰীৰ দৰে টামো আচিবা নথকাৰ বাবে বেদনাসিক্ত হৃদয়খন কঢ়িয়াই লৈ তাই ভয়ে ভয়ে পাহাৰখনৰ মাজত ঘুৰি ফুৰিছিল। সেই দৰে ঘুৰি ফুৰোঁতে এবাৰ দুবাৰ তাই দুই এজন মাৰ্কিন আৰু বৃটিছ সৈন্যৰ সৈতেও ভেটাভেটি হৈছিল। তাহাঁতৰ লোলুপ চাৱনিয়ে তাইক কম্পিত কৰি তুলিছিল। তথাপিও তাই ভয় খোৱা যেন নেদেখুৱাই তাহাঁতৰ দৃষ্টিৰ পৰা সন্তৰ্পনে আঁতৰি আহিছিল। ইমাই সেইবাবে তাইক কেতিয়াও অকলে ওলাই আহিব নিদিছিল। পৃথিৱীৰ প্ৰত্যেক গৰাকী মাকেই হৈছে এজনী ছোৱালীৰ সতীত্ব আৰু চৰিত্ৰৰ প্ৰধান ৰক্ষক । মাতৃ গৰাকীয়েই হৈছে এজনী কন্যা সন্তানৰ ভৱিষ্যত স্ৰষ্টা । সেই স্ৰষ্টা গৰাকীৰ ওপৰতেই নিৰ্ভৰ কৰে তেওঁৰ সৃষ্টিৰ লেখ জোখ আকাৰ বিকাৰ ইত্যাদি ইত্যাদি। এগৰাকী ভাল মাতৃ হ'বলৈ হলে প্ৰথমে এজনী ভাল জীয়ৰী দ্বিতীয়তে এগৰাকী পত্নী হ'ব লাগিব বুলি ইমা তাইক সৰুৰে পৰাই শিকাইছে । কিন্ত ইপা আৰু টামো আচিবাৰ অত্যধিক মৰমত ডাঙৰ হোৱাৰ বাবেই নেকি তাই অলপ জেদী স্বভাৱৰ বুলি মাকে মাজে মাজে অভিযোগ তোলে। ছোৱালী মানুহ বেচি জেদী হোৱা ভাল নহয় বুলি তাগিদা দি কয়। কাৰণ ছোৱালী এজনী জেদী হ'লে ভবিষ্যতে দাম্পত্য কলহ বাঢ়িব পাৰে বুলি সন্দেহ হয়। কিন্ত কিবা এটা কৰাৰ কথা মনলৈ আহিলে কামটো নকৰালৈকে আচানবিয়ে শান্তি নাপায়। ইমাৰ তুলনাত তাইৰ ইপা আকৌ ওলোটা। তেওঁ আচানবিক স্বাধীনচিতীয়া হ'বলৈ 
উদগনি যোগায়। তেওঁ আচানবিঈ কয় যে উচিত উদ্দেশ্য সাধনৰ বাবে লোৱা নিজৰ সংকল্প আৰু সিদ্ধান্তৰ লগত সহজে মোকাবিলা কৰি আত্ম সমৰ্পন কৰা আৰু আত্ম হত্যা কৰা একেটাই কথা। স্বাভিমান নাৰাখি
জীৱনৰ বাটত খোজ কৰা এজন মানুহৰ অৱস্থাটো ভাৰা নিদিয়াকৈ ইম্ফল চহৰত চলা চৰকাৰী বাছত উঠা যাত্রী এজনৰ দৰে একেই । টিকট পৰীক্ষকৰ মন আৰু স্বভাৱৰ ওপৰতহে যাত্রী গৰাকীৰ গন্তব্য স্থান আৰু যাত্রা কালৰ আৰাম নিৰ্ভৰ কৰিব যে তেওঁ বহি যাবনে ঠিয় হৈ যাব। এনেবোৰ আকাশ পাতাল ভাবি ভাৱনাত বিভোৰ হৈ থকাৰ মাজতে খোলা খিড়িকীখনেৰে নুঙছিগুম পাহাৰৰ দিশৰ পৰা সোমাই অহা ৰিব্ ৰিব্ বতাহ জাকত বাৰুদৰ গোন্ধ পাই আচানবি উচপ খাই উঠিছিল। তাৰমানে ৰাতি সিহঁতৰ ঘৰৰ কাষতেই গুলীয়াগুলী চলিছিল নেকি? কথাটো ভাবি এক অজান আশংকাত তাইৰ বুকুখন কঁপি উঠিছিল। সেই গুলীয়াগুলীত তাহাঁতৰ ঘৰৰ পৰা এন্ধাৰ ফালি উভতি যোৱা জাপানীজ ডেকা সৈনিক জনৰ একো অঘটন ঘটা নাইটো। কাৰণ টামো আচিবাৰ সম্ভেদ পাবলৈ সেই জাপানীজ সৈন্য জনেই তাইৰ একমাত্ৰ শেষ ভাৰষা। সেয়েহে জাপানীজ সৈনিক জনক জীৱন্তে তাই ল'গ পোৱাটো অতি আৱশ্যক। 
 ইপা ইতিমধ্যেই পূজা সেৱা কৰি ফামেন কাৰ পৰা ওলাই আহিছিল। সচৰাচৰ আচানবিৰ ইমান দেৰিলৈ শুই থকাৰ অভ্যাস নাই । ৰাতিপুৱাই ইপাৰ লগত শেতেলীৰ পৰা উঠিয়েই তাই প্ৰাতঃকৰ্ম কৰি গা মুৰ ধুই মাকক কামত সহায় কৰে। জাপানীজ সৈনিক জনৰ কিবা সম্ভেদ উলিয়াব পাৰে নেকি চেষ্টা কৰি চাবলৈ তাই খপজপ কৈ বিচনাৰ পৰা উঠি আহিছিল। অইন দিনাখনৰ দৰে অভ্যাসবশত আচানবিয়ে এপাক চোতালত খোজ কাঢ়িবলৈ ঘৰৰ ঘাই দুৱাৰখন খুলিবলৈ লওঁতেই মাকে পাকঘৰৰ পৰা চিঞৰি কৈছিল আচানবি ঠং হেঙ গানু ( দুৱাৰখন নুখুলিবা) ।
 মাকে দুৱাৰখন নুখুলিবলৈ সকিয়াই দিয়াত আচানবি থতমত খাইছিল । ক্ষন্তেক সময়ৰ বাবে তাই ঘৰৰ কাষতে চলি থকা তুমুল যুদ্ধৰ পৰিস্থিতিৰ কথা পাহৰিয়েই পেলাইছিল। তাই মাকৰ কথা মতে দুৱাৰখনৰ খিলিটো লগাই পিছফালৰ দুৱাৰখন খুলি এপাক ইফালে সিফালে চকু ফুৰাই প্ৰাতঃকৰ্মাদি কৰিবলৈ ওলাই গৈছিল। 
কিনকিনাই দি থকা বৰষুণ জাক মুৰত লৈয়েই তাই ভয়ে ভয়ে ওলাই গৈ বাহিৰৰ নিজম পৰি পৰিবেশটো উপলব্ধি কৰি শংকিত হৈ পৰিছিল। চৰাই চিৰিকটিৰ মাত এটাও কানত পৰা নাছিল। মাত্র কেউফালে নিৰৱতা বিৰাজমান হৈ আছিল। নুঙছিগুম পাহাৰৰ পৰা ৰিব্ ৰিব্ কৈ বলি থকা বাৰুদৰ পোৰা পোৰা গোন্ধ মিহলি চেঁচা বতাহজাকৰ পৰা পৰিস্থিতি মুঠেই সুৰক্ষিত নহয় বুলি বুজিব পৰা গৈছিল। কিন্ত তাহাঁত ঘৰ এৰি যাব ক'ত মৈৰাঙ, ইম্ফল, থৌবাল, চূড়াচান্দপুৰ সকলোতে একেই পৰিস্থিতি । নুঙছিগুম পাহাৰৰ সিপাৰে জাপানীজ সৈন্যই চাউনি,পতাৰ বাবেহে তাহাঁতৰ কেবিত উত্তেজনা পূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হ'ল। নহ'লেটো তাহাঁতৰ একো সমস্যাই নাছিল। আচানবিয়ে ঘৰৰ পাছফালৰ পুখুৰীটোৰ পাৰত থকা গা ধোৱা ঘৰটোত গা ধুই থকা অৱস্থাতে হঠাত নুঙছিগুম পাহাৰৰ কাষত ঘটা ভয়ংকৰ বোমা বিস্ফোৰণৰ শব্দই কেবিৰ লগতে সমগ্ৰ দাঁতি কাষৰীয়া অঞ্চল কপাই তুলিছিল। 
চৌদিশ কপাই তোলা বোমা বিস্ফোৰণৰ শব্দত আতংকিত হৈ আচানবি তিতা সাজত চোতালৰ সিমুৰৰ গাঁধোৱা ঘৰৰ পৰা তৰা নৰা চিগি ঘৰৰ ভিতৰলৈ উধাতু খাই লৰি আহিছিল। ইমা ইমা বুলি কৈ ধামকৈ দুৱাৰখন খুলি তাই ভিতৰত সোমাই অহাৰ লগে লগে মাকেও খপজপ কৰ পাকঘৰৰ পৰা ওলাই আহি অ মোৰ আচানবি সোনজনী বুলি তাইক ডিঙিত সাৱটি ধৰিছিল। 
সাম্ভাব্য বিপদৰ আশংকাত ভয়াৰ্ত হৈ পৰা আচানবি মাকৰ বুকুৰ মাজত সোমাই কোনোমতে খেপ ঢুকি ইপা ক'ত, ইপা ক'ত বুলি ফোঁপাই ফোঁপাই চিঞৰি উঠিছিল। 
তাই দেউতাকৰ কথা কোৱাৰ লগে লগে হে যেন মাকৰ হুচ আহিছিল । ভাত বনাবলৈ চাউল কেইটাক বাদে খাবলৈ শাক পাচলি একোৱেই নথকাৰ বাবে দেউতাকে ঘৰৰ নাতিদূৰৈত থকা শাকনি লৈ গৈছে বুলি মাকে আশংকাত উচুপি উঠিছিল । 
এইহেন ভয়াবহ পৰিস্থিতিৰ মাজত ইপাক কি ভাৱি যাবলৈ দিলা বুলি আচানবিয়ে আক্ষেপ কৰি মাকক কৈছিল। 
 দেউতাৰা কিমান জেদী জানাই দেখোন। ওলোটাই মোক স্বাভাৱিক ভাৱে থাকিবলৈ নিৰ্ভয় দি কৈছেহে , এইয়া বোলে জাপানীজ আৰু বৃটিছ সৈন্যৰ মাজত লগাহে যুঁজ । বৃটিছ আমাৰ আপোন নহয় জাপান আমাৰ শত্রু নহয়। সাধাৰণ জনতাৰ যাতে অকনো হানি বিঘিনী নঘটে তাৰ সেইটো হেনো বৃটিছ সকলৰ নৈতিক দায়িত্ব । আনহাত জাপানীজ সৈন্য সকলেও সাধাৰণ নাগৰিকৰ একো ক্ষতি নকৰে বুলি হেনো প্ৰতিশ্ৰুতি দিছে। এই যুঁজত বোলে জাপানৰ জয় হোৱাটো খাটাঙ। পাছে যুদ্ধৰ গুলীয়ে সৈনিক আৰু নাগৰিকৰ বাচ বিচাৰ কৰিব। এই মানুহজনে একেবাৰেই বুজিব চেষ্টা নকৰে। চিন্তাম্বিত হৈ মাকে আচানবিক মনৰ ক্ষোভত কথা খিনি কৈ আতংকিত হৈ পৰিছিল। 

ৰ'বা ৰ'বা, ভয় নাখাবাছোন। এই সময়ত আমি ধৈৰ্য্য ধৰাক বাদে আৰু আন উপাই নাই। তদুপৰি ইপা যঠেষ্ট সচেতন আৰু সাহসী মানুহ। তেওঁৰ একো বিপদ নহয়। অলপ সময় অপেক্ষা কৰা। আচানবিয়ে মাকৰ মনটো পাতলাই কথাখিনি কৈছিল যদিও ভিতৰি ভিতৰি ইপাৰ কথা ভাবি চিন্তিত হৈছিল। 
হঠাত তাহাঁতক আশ্বস্ত কৰি পাছ ফালৰ দুৱাৰখন হেঁচুকি এজন সৈনিকক বোকোচাত তুলি দেউতাক ফোঁপাই জোপাই ঘৰৰ ভিতৰলৈ সোমাই আহিছিল। হঠাত তেনেদৰে বাপেকে এজন সৈনিকক ভাৰ বৈ ঘৰৰ ভিতৰলৈ সোমাই অহাত আচানবি আৰু মাক কিংকৰ্তব্যবিমোৰ হৈ পৰিছিল। কোনোবাই দেখিব বুলি একেজাপে মাকে গৈ পিছফালৰ খোলখাই থকা দুৱাৰখন জপাই দিছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)