উশাহৰ সলনি উশাহ- সংযুক্তা বৰা

©Admin
0
উশাহৰ সলনি মোক যদি
তোমাৰ উশাহবোৰ দিয়া
মই তোমাক অনুভৱৰ সূতাৰে বোৱা
সাতোৰঙী পোছাক এযোৰ দিম।
তুমি পিন্ধিবা-তোমাৰ ৰূপত মই
প্ৰেমৰ কবিতা লিখিম
আৰু বিমুগ্ধ ওঠঁত
নুশুনা গানৰ
সুৰ এটা গুণগুণাই 
এছাটি স্নিগ্ধ ৰ'দ হৈ
তোমাৰ বুকুৰ দুখবোৰ শুকুৱাই দি
দুয়ো লগ হৈ
নীলিম আকাশৰ তৰা লিখিম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)