তুমি নাথ মই নাথৱন্ত
চৰণ-ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া মোক ভগৱন্ত
তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ
দান্তে তৃণ তুলি লঞো যিমতে সেৱাত ৰঞো
দিয়া মোক সেহি উপদেশ
তুমি ভক্ত-কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ............।"
---------কীৰ্ত্তন ঘোষা, উদ্ধৃত
জীৱশ্ৰেষ্ঠ মানৱ জাতি হৈছে সমাজপ্ৰিয়। মানুহ মাত্ৰেই, শৰীৰ বা মনৰ ৰোগ নোভুগা'কৈ কোনেও জীৱন-ধাৰন কৰিব নোৱাৰে। অৰ্থাৎ শাৰিৰীক আৰু মানসিক ভাবে সুস্থ জনকহে স্বাস্থ্য-ৱান বুলি অভিহিত কৰিব পাৰি। দৈহিক স্বাস্থ্য: দেহত ভোক পিয়াহ, পৰিপাক ক্ৰীয়া, মলমুত্ৰ, শ্বাস্-প্ৰশ্বাস, বল-বীৰ্য্য, ৰীতি-নীতি-শক্তি, মগজু, মেধা-শক্তি আদি ইন্দ্ৰিয়ৰ সকলো কাম স্বাভাৱিক ভাৱে থিকে থাকে থকাই হৈছে দৈহিক স্বাস্থ্য। ইয়াৰ ব্যতিক্ৰম মাত্ৰেই ৰোগ। মানসিক স্বাস্থ্য: শৰীৰ বেয়া হ'লে মনো ৰুগীয়া হয়। ফলশ্রুতিত ধৈৰ্য্য, সাহস, বিশ্বাস, আত্মবল, মৰম, দয়া, ক্ষমা, সংযম, সহনশীল, আধ্যাত্মিক ভাৱৰ ব্যক্তি বা ৰিপু-সমুহৰ পৰা আতৰি থাকিব পৰা জনহে মানসিক স্বাস্থ্যৰ অধিকাৰী।
"ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোনে।" হৰিয়ে ৰাখক বা মাৰক! হৰিৰ কৃপাত বাচিবলৈ জীৱনত অধিক খৰছৰ প্ৰয়োজন নাই! বিপদ বা নৰিয়াৰ সময়ত একান্ত মনে শুদ্ধ চিত্তেৰে নিজৰ বেদনা ব্যক্ত কৰিলে, মানসিক দুখ যন্ত্ৰনাৰ দুঃচিন্তা আতৰি ৰোগ নিৰাময়ৰ প্ৰক্ৰিয়া সহজ হৈ পৰে। ভগৱান থাকক বা নাথাকক নেদেখাজনৰ ওচৰত ব্যক্ত কৰি পোৱা মানসিক প্ৰশান্তিয়ে মন মগজু সুস্থ কৰি বুদ্ধি সুদৃঢ় কৰে। সেয়ে শাৰিৰীক আৰু মানসিক উভয় দিশত স্বাস্থ্যৱান হ'বলৈ হ'লে সুষম আৰু ৰোগ প্ৰতিষেধক পুষ্টিকৰ খাদ্য খাই নিৰোগী দেহ আৰু ভগৱত চিন্তাৰে সুস্থ মনৰ অধিকাৰী হ'বলৈ যত্নপৰ হওক। সেয়েহে জ্ঞানীজনে কয়, "দেহ শুদ্ধ হ'লে মন শুদ্ধ, মন শুদ্ধই চিত্তশুদ্ধ, চিত্ত শুদ্ধই আত্মা শুদ্ধ, আত্মা শুদ্ধই কৰ্ম শুদ্ধ, কৰ্ম শুদ্ধই ধৰ্ম শুদ্ধ আৰু ধৰ্ম শুদ্ধ হ'লে ঈশ্বৰ কৃপা পায়।"
প্ৰাৰ্থনাৰ প্ৰাসংঙ্গিকতা: দেহত ৰোগ বা কোনো দুখ বিপদ বা আকস্মিক দুৰ্ঘটনা হ'লে নিজে-নিজেই হৰি, ৰাম, আল্লা,গ'ড, অন্য কিবা এটা নাম মুখত আহে। টান নৰিয়াত পৰিলে ঘৰত নাম প্ৰসংগ, ধৰ্ম-পুথি পাঠ বা মন্দিৰত শৰাই পূজা বা অইন ধৰ্মতো বিভিন্ন ক্ৰিয়াকৰন কৰা দেখা যায়। সেয়া যি-ভাৱেই নকৰক বিপদ বা জটিল নৰিয়াৰ চিকিৎসাৰ সময়ত ৰোগী বা পৰিয়ালে ভগৱানৰ প্ৰতি একান্ত মনে ভকতিৰ ভাৱেৰে প্ৰাৰ্থনা কৰিলে, ৰোগ নিৰাময়ত যথেষ্ট সহায়ক হয়। ৰোগীৰ আত্মবল বঢ়াৰ ফলত দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। আৰু প্ৰাৰ্থনা'ই মানুহৰ আত্ম সচেনতা ভাৱ প্ৰকত কৰি তোলে।
"ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম-ৰাম-ৰাম-ৰাম-ৰাম
মায়া-শয্যা মাজে আছয় ঘুমটি যাই
তুমিসে চৈতন্য সনাতন ৰাম-ৰাম-ৰাম-ৰাম-ৰাম
আমি অচেতন নিয়োক নাথ জগাই
ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি
কাল-সৰ্পে দংশি হৰিল চেতন তাৰ।"
বৰ্তমান সময়ত কষ্টসাধ্য প্ৰয়াসৰ পিছতো জীৱনৰ প্ৰতিটো স্তৰত দুৰ্ভাগ্যজনকভাৱে অকৃতকাৰ্য হোৱা, দুৰাৰোগ্য ৰোগত ভুগি থকা ৰোগী, অকালতে আপোনজনক হেৰুওৱা, দুৰ্ঘটনাত পতিত হৈ চিৰজীৱন'লৈ পংগু হোৱা বহু লোকক তেওঁলোকৰ নিষ্ফল প্ৰাৰ্থনাৰ অন্তত: ভীষণ ঈশ্বৰবিদ্বেষী হৈ উঠা দেখা যায়। যি সময়ত প্ৰাৰ্থনা'ই হ’ব পাৰিলেহেঁতেন তেওঁলোকৰ নিষ্প্ৰভ হৃদয়ৰ একমাত্ৰ সম্পদ- এমুঠি পোহৰ। জীৱনৰ সেই অত্যন্ত প্ৰয়োজনৰ সময়তে তেওঁলোকে প্ৰাৰ্থনাক জীৱনৰ পৰা চিৰবিদায় জনায়। সৰুৰে পৰাই প্ৰাৰ্থনাক শিশুসুলভ আবেদনৰ দৰে ব্যৱহাৰ কৰি মানুহৰ জীৱন'লৈ এনে মৰ্মান্তিক মুহুৰ্ত অহাটো স্বাভাৱিক কথা। প্ৰাৰ্থনা কিয়, কেনেকৈ আৰু কেতিয়া কৰিব লাগে। এই বিষয়ে সম্পূৰ্ণভাৱে স্বাস্থ্যসন্মত তথা বিজ্ঞানসন্মত দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰিলেহে প্ৰাৰ্থনাই জীৱন-জুৰি আমাৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। নিয়মিত প্ৰাৰ্থনা কৰাৰ অভ্যাসে, শৰীৰ-মনৰ সুস্বাস্থ্য অটুট ৰখাত সহায় কৰে। প্ৰাৰ্থনাৰ জৰিয়তে মানুহৰ অন্তৰ-আত্মাত উজলি উঠা আত্মবিশ্বাসে ৰোগৰ লগত যুঁজিবলৈ আৰু জীৱনক জয়ী কৰাত ঔষধৰ সমান ভূমিকা ল’ব পাৰে বুলি চিকিৎসা-বিজ্ঞানীসকলে বিশ্বাস কৰে। বহু ৰোগীক ঔষধতকৈ অন্তিম অৱস্থাত প্ৰাৰ্থনাৰহে বেছি প্ৰয়োজন বুলি চিকিৎসকে চিকিৎসা সামৰাৰ পিছতো কিছুমান ৰোগীৰ ক্ষেত্ৰত সম্ভৱ কৰি তোলে প্ৰাৰ্থনাৰ অপাৰ শক্তিয়ে।
সাম্প্রতিক নৱপ্ৰজন্মৰ হৃদয়ত প্ৰাৰ্থনাৰ প্ৰতি আকৰ্ষিত হৈ দায়িত্ববোধ হিচাপে গঢ়ি তুলিবলৈ আত্মসচেতন মনক উৎফুল্লিত কৰিবলৈ অভিভাৱক সকলক প্ৰধানতঃ দায়িত্ব আৰু কৰ্তব্য।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ