বন্ধু- জয়াশ্ৰী হাতীমুৰিয়া

©Admin
0
বন্ধু সম্পৰ্কটো কিয় এনেকুৱা 
য'ত একে লগে বহি আড্ডা মৰালৈকে  , ফুৰিবলৈ একে লগে নোযোৱালৈকে ,
আৰু বহুটো কাম কৰি একে লগে আমনি
নলগালৈকে মনে নভৰে ।
স্কুলৰ প্ৰথম দিনটো আৰম্ভ হোৱাৰ পৰা 
জীৱনত বহুতো বন্ধু - বান্ধৱী পাই আহিছো
কিন্তু যে তাৰে কোনোবা দুজন বা তিনিজন
মানহে সকলোতকে বেছি আপোন হৈ ৰয় ।
মনৰ সকলো কথা প্ৰকাশ কৰিব পৰাকৈ 
আবেগ,অনুভূতি, আনন্দ,দুখ , কষ্ট সকলো ক্ষণতে লগত থকা জনক হে বন্ধু সম্পৰ্কটো বজাই ৰখা তোকহে বুজাই ।
প্ৰতিটো ক্ষণতে কাষত থাকিব
নোৱাৰিব পাৰে , কিন্তু বিপদৰ সময়ত
প্ৰথমে মাতষাৰ দিয়ে ।
প্ৰকৃত বন্ধু সেইজন যিয়ে সমগ্ৰ পৃথিৱী
তোমাৰ বিপক্ষে হ'লেও 
তোমাৰ লগ দিয়ে ।
জীৱনত এজন এনেকুৱা বন্ধু থাকিব লাগে যিজনে আপোনাৰ শব্দ বোৰতকৈ
মৌনতা খিনিক বুজি পায় ।।


                   ◾জয়াশ্ৰী হাতীমুৰিয়া
       গোলাঘাট জোনাকী নগৰ ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)