মসৃণ পুতলা-সংযুক্তা বৰা

©Admin
0
পুৰুষ আৰু নাই
কেৱল কাপুৰুষ। 
মানৱতাৰ মৰণ ঘটিছে,
চিকাৰী দানৱ জাগিছে।
ভয় লাগিছে,
হাঁহিৰ খিলখিলনি নাই 
চাৰিওদিশে উচুপনি,
কান্দোনৰ ৰোল।
এজাক পিশাচ আহিছে
মসৃণ পুতলাৰে খেলিছে।
প্ৰত্যেক ৰাতি এটা দুঃস্বপ্ন,
চকুত টোপনি নাই
দপদপকৈ একুৰা জুই জ্বলিছে।
কু-দৃষ্টিত দেহ মলিয়ন হৈছে
আত্মা কঁপিছে।
জীৱনে প্ৰত্যাহ্বান আনিছে;
পাপ কোনোবাই কৰিছে আৰু
সমাজৰ কলংকিনীৰূপে লাঞ্ছিত হৈ
মুখত কালিমা সানি
ন্যায়ৰ ফাঁচীকাঠত 
আজিও তাইয়ে ওলমিছে।। 


◾সংযুক্তা বৰা , গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)