হঠাতে কাণত বাজি উঠিল কাৰোবাৰ কান্দোনৰ প্ৰতিধ্বনি।
চাৰিওফালে চকু ফুৰালোঁ ,
নাই, কোনো নাই ইয়াত,
চাকিটো জ্বলাই লৈ বাহিৰলৈ ওলাই গ'লো
আৰু অনুসন্ধান কৰিলোঁ সেই শব্দৰ উৎসটি।
কিন্তু মোৰ সকলো চেষ্টা অথলে গ'ল,
নাপালোঁ কোনো অনুসন্ধান।
নিৰাশ মনেৰে উভতি আহি আকৌ শুবলৈ চেষ্টা কৰিলোঁ,
কিন্তু,এইয়া কি ?
পুনৰ কাণত বাজি উঠিল সেই কৰুণ সুৰটি।
যেতিয়া শব্দটি ভালদৰে শুনিবলৈ চেষ্টা কৰিলোঁ,
তেতিয়া অনুভৱ হ'ল - এইয়া যেন মোৰ বুকু ভেদি বৈ অহা ভগ্ন আত্মাৰ উচুপনি।
মৰহা মনৰ হেৰুওৱা স্বপ্নৰ এইয়া কৰুণ বিননি।
যিয়ে মাজনিশা মোৰ টোপনি হৰে,
মোৰ দেহৰ প্ৰতিটোপাল সজীৱ তেজ শোষণ কৰে।
সমাজলৈ ই ভয় কৰে,
কিন্তু যেতিয়া নিঃসংগতা মোৰ বন্ধু হৈ পৰে
তেতিয়াই ই শক্তিশালী হৈ উঠে।
মোৰ মন-প্ৰাণ কাঢ়ি লৈ যায় ধুৱলী-কুঁৱলীৰে অস্পষ্ট এখনি অচিন ৰাজ্যলৈ।
য'ত কেৱল ভাঁহি থাকে মৃত দেহ আৰু ভগ্ন আত্মাৰ হিয়া ভগা উচুপনি,
মাজে মাজে বিকট চিঞৰ আৰু কেতিয়াবা দাম্ভিক হাঁহি।
◾ৰিমাশ্ৰী কোচ-ৰাজবংশী
দশম শ্ৰেণী
ঢকুৱাখনা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ