যিয়ে নিজৰ সন্তানকো চিনি নাপালে,
কিমান কঠোৰ হৃদয়ৰ মাতৃ হব লাগিব
যিয়ে নেকি নিজৰ সন্তানক এটা ৰাস্তাৰ কাষত এৰি থৈ যাব পাৰিছিল ।
সেই অকণমানি কেঁচুৱাটোৰ প্ৰতি অলপো বেয়া নালাগিল নে,
সেই শিশুটিৰ মুখখন চায়ো মৰম নালাগিল নে ,
অলপো দয়া নোপজিলনে
কেনেকৈ ইমান কঠোৰ হব পাৰিলে সেই মাতৃ গৰাকী
তেওঁ হৃদয়খন ইমান কঠোৰ আছিল নে ।
দয়া,মমতা,স্নেহ, সহানুভূতি একোৱে নাছিল নেকি তেওঁ হৃদয়খনত ,
কি জানিছিল বাৰু সেই কণমানি শিশুটিয়ে
একো নজনা নুবুজা এটি নিষ্পাপ শিশুক
সেই ৰাজপথটোৰ কাষত কোন সতে এৰি থৈ যাব পাৰিলে
সেই মাতৃ গৰাকীয়ে ।
এগৰাকী মাতৃৰ হৃদয়খন ইমান কঠোৰনে,
এগৰাকী মাকৰ হৃদয়খন এখন মমতাময়ী হৃদয় ,
মাতৃৰ অন্তৰখন এখন স্নেহে ভৰা অন্তৰ ,
কিন্তু এইগৰাকী মাতৃৰ হৃদয়খন শিলতকৈও কঠিন
নহলে জানো তেওঁ পাৰিলে হয়
এটা ৰাস্তাৰ কাষত এনেকৈ এৰি যাব ।
মা শব্দটো এটা পৃথিৱীৰ ভিতৰতেই শ্রেষ্টতম শব্দ,
কিন্তু এই মাতৃ গৰাকীয়ে
মা নামৰ এই শুৱলা শব্দটোৰ অৰ্থই নুবুজিলে
মাথোঁ মা নামৰ এই মধুৰ শব্দটোত কলংক সানিলে
সচাকৈয়ে এই মাতৃ গৰাকী এগৰাকী মমতাহীন মাতৃ
এগৰাকী হৃদয়হীন মাতৃ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ