মই ঘৰৰ কোনো বোজা নহয়
জীয়াই জীয়াই নামাৰিবা মোক
দেউতা, নকৰিবা মোৰ বাল্যবিবাহ
সপোন মইও দেখিছো দেউতা
সপোন মইও ৰচিছো
সপোন বোৰ পূৰ কৰাৰ
মোৰো জীৱনৰ লক্ষ্য আছে
সংসাৰৰ অন্তহীন ভয়াবহতাক নোহোৱা কৰাৰ
জীৱন সুখ সমৃদ্ধিৰে ভৰাই তোলাৰ
সপোন বোৰ অঙ্কুৰিত নোহোৱাৰ আগতে
দেউতা নকৰিবা মোৰ বাল্যবিবাহ
গোলাপৰ সৌন্দর্য্যত
মানুহৰ ভালপোৱা , মানুহ আকৃষ্ট হোৱা
তেনেই স্বাভাৱিক
সুগন্ধি নান্দনিকতাত
শংকিত নহ'বা দেউতা
স্বাৰ্থলোভী মানুহৰ দিহা
জীৱন্ত আগ্নেয়গিৰি সদৃশ বিপদ
তেনে বিপদলৈ ঠেলি নিদিবা
দেউতা, নকৰিবা মোৰ বাল্যবিবাহ
কন্যা সন্তান সহধর্মিণী হোৱা
পৰমাত্মা সৃষ্টিৰ পৰম ধৰ্ম
হাঁহি ধেমালি আৰু বিদ্যালয়লৈ যোৱা বয়সত
পুৰুষৰ ভোগ বিলাসৰ সামগ্রী বনাই নিদিবা
দেউতা, নকৰিবা মোৰ বাল্যবিবাহ
গৰ্ভাৱস্থাৰ প্ৰসৱ যন্ত্রণা
কিমান কষ্টকৰ !
মা , তুমিটো জানাই
মা , তুমিওটো এগৰাকী নাৰী
মৃত্যুৰ লগত নেৰানেপেৰা যুদ্ধত
মৃত্যুক পৰাস্ত কৰি
মাতৃৰ প্ৰাণ সংকটত ৰাখি
নতুন প্ৰাণক জীৱন দিয়া
অসহনীয় মা , অসহনীয় !
ফুল কুমলীয়া নাবালিকা মই
তেনে যন্ত্রণা সহ্য কেনেকৈ কৰিম
অ' মা , নকৰিবা মোৰ বাল্যবিবাহ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ