হৃদয়ত লৈ ফুৰা একুৰা জুই-চিমি চিদ্দিকা

©Admin
0

ৰাস্তাৰ কাষত তীব্ৰগতিত ধাৰাবাহিকভাৱে যান-বাহন চলি থাকে । চাৰিওফালে ওখ ওখ অট্টালিকা , তাত মানুহবোৰ ইমানে ব্যস্ত যে বিপদত সহায় কৰিবলৈও যেন মানুহ নাইকিয়া । পথৰ দাতিঁত পৰি থকা ভিক্ষাৰীলৈ অলপো মৰম,দয়া নাই । দ্ৰুত বেগী বাহনবোৰে ধূলি উৰুৱাই নিজৰ নিজৰ লক্ষ্যত গৈ থাকে আগলৈ...
       ‌‌ ৰাস্তাৰ সিপাৰে পাহাৰৰ দাতিঁত আছে কেইটামান জুপুৰী ঘৰ । জনবসতি সেৰেঙা অঞ্চল । পাহাৰখনত বাস কৰা মানুহবোৰ অতি দুখীয়া, দৰিদ্ৰতাৰ চিন সিহঁতৰ দুচকুত স্পষ্ট ভাৱে দেখা দিয়ে । তাৰে এটি পৰিয়ালৰ দুজনী ছোৱালী ৰিমজিম আৰু জিলমিল । ডাঙৰ জনী ৰিমজিম , তাইৰ বয়স ৫ বছৰ । তাই সদাই নতুন নতুন সপোন দেখিছিল । মুক্ত আকাশৰ তলত উৰি ফুৰা পখিলাজনীৰ দৰে তাইৰো মনটো নিচিন্ত মনে উৰি ফুৰিছিল । আৰু সৰু ছোৱালীজনী জিলমিল তাইৰ বয়স ২ বছৰ । সিহঁতৰ মাক-দেউতাক , ৰিমজিম আৰু জিলমিল, চাৰিজনীয়া এটি সৰু সুখী পৰিয়াল । দুচকুত দৰিদ্ৰতাৰ চিন স্পষ্ট ভাৱে দেখা দিলেও সিহঁত সুখী । কাৰণ সিহঁতৰ আছে এটি পৰিচয় --- থাকিবলৈ এটা জুপুৰী ঘৰ , নিচিন্ত মনে নিদ্ৰা মাৰিবলৈ বিচনা, দুবেলা দুমুঠি পেটৰ ভোক নিবাৰন কৰিব পৰাকৈ খাদ্য । ইত্যাদি...ইত্যাদি...। 
         এদিনাখনৰ ঘটনা । চাৰিওফালে কুৱঁলিয়ে কুৱঁলি...শীতকালত অতিপাত ঠাণ্ডাৰ ফলত ৰিমজিমহঁতৰ ঘৰখনৰ লগতে সিহঁতে বাস কৰা পাহাৰৰ প্ৰায় ভাগ মানুহে কেইবাদিন ধৰি অসুস্থ হৈ আছে । কেইবা মাহ ধৰি বৰষুণ নিদিয়া বাবে অঞ্চলটো শুকান শুকান হৈ পৰিছিল । পাহাৰৰ মাজত শিলৰ ফাঁকেৰে বৈ অহা নিজৰা, প্ৰকাণ্ড প্ৰকাণ্ড ওখ জোপোহা গছবোৰৰ বাবে অঞ্চলটোত ৰ'দৰ পোহৰ ভালকৈ নপৰে । ভৰ দুপৰীয়াও অঞ্চলটো কিবা আন্ধাৰ আন্ধাৰ ঠিক এনে লাগে অস্ত যোৱা বেলিটোৰ দৰে । ৰিমজিম হতঁৰ পৰিয়ালটো কেইবাদিন ধৰি অসুস্থ । দেউতাকৰো জ্বৰ, কাহ-চৰ্দি এ লগ এৰাই নাই । তাইৰ দেউতাক কামলৈ নোযোৱা আজি এসপ্তাহে হ'ল । জমা টকাখিনিৰে ঔষধ আৰু চাউল কিনি খাওতে প্ৰায় শেষ এ হল । আৰু যদি তাইৰ দেউতাক দুদিন কামলৈ নাজাই সিহঁতে কেইখাজ লঘোনে পাৰ কৰিব লাগিব তাৰ হিচাপ নাই । পিছদিনা ৰাতিপুৱা দেউতাকে এইকেইদিনতকৈ অলপ সোনকালে উঠিল কামলৈ বুলি প্ৰায় ৫:০০ বজাত । গাত চৰ্দি আৰু কাহে লগ এৰাই নাই তাতে আজি আকৌ আকাশখন ক'লা ডাৱৰে আবৰি ধৰিছে । ঠাণ্ডা, নিজৰাৰ কাষৰীয়া অঞ্চলবাবে অনবৰতে বতাহ বলি থাকে । দেউতাকে চাহ একাপ খাই কাম বিচাৰি চহৰলৈ বুলি পাহাৰৰ সৰু লুঙলুঙীয়া বাটটোৰে আগবাঢ়িল । এখোজ দোখোজ কৈ ইমান ওখ পাহাৰখন অকলে খোজকাঢ়ি আহোতে বহুত ভাগৰ অনুভৱ কৰিছিল । কিছুসময়ৰ বাবে জিৰণি লয় আকৌ তেওঁৰ সিদ্ধান্তত খোজ লয় । এনেদৰে চহৰ আহি পালে আৰু ৮:০০ বজাত নিজৰ কামত ধৰিলে । তেখেতৰ আজি কামত একেবাৰে মন বহা নাই । পুৰনি কাহ, চৰ্দি অসুখতোৰ কাৰণে অলপ অসুবিধা পাই আছে । মুৰতো ওজন ওজন লাগিব ধৰিছে । চকুৰ পতা জাপ খাই আহিছে । বহুত ভাগৰ অনুভৱ কৰিছে । সোনকালে কাম শেষ কৰি পইচা কেইটামান লৈ ঘৰলৈ বুলি খোজ ল'লে ৩:৩০ বজাত । ভাগৰত লেবেজান হৈ থকা অতি দূৰ্বল শৰীৰেৰে তেওঁ ৰাস্তাতো পাৰ হব লওঁতে বাওঁফালৰ পৰা আহি থকা ট্ৰাক এখনৰ খুন্দাত আকস্মিক ভাৱে মৃত্যুক সাৱটি ল'লে । এইফালে ৰাতি হৈ আহিল ৰিমজিম ৰ দেউতাক ঘৰলৈ আহি পোৱা নাই । মাক বহুত চিন্তাত পৰিল । অকলশৰীয়া মানুহজনী ছোৱালী দুজনীক লৈ কলৈ যাব... ? কি কৰিব...? হায় ! হায় ! সিহঁত যেন নিৰুপাই । পিছদিনা ৰাতিপুৱা খবৰ আহিল দেউতাক আৰু নাই, সিহঁতক এৰি থৈ গ'লগৈ অচিন দেশলৈ... হিয়া ঢ়াকুৰি কান্দিছে কিন্তু কাৰো যে ক্ষমতা নাই নিয়তিক ৰখাব । 
           এদিন দুদিনকৈ দিনবোৰ, বছৰবোৰ এনেকৈ পাৰ হৈছিল । তাইৰ দেউতাকৰ মৃত্যুত সাহস ৰ জখলাডাল ভাঙি পৰিছিল । সময়ৰ লগে লগে অভাবে চুব ধৰিছিল পৰিয়ালটোক । দেউতাকৰ মৃত্যুৰ পিছত মাকৰ তাত পৰিছে কামৰ বোজা । ছোৱালী দুজনী ডাঙৰ হৈ আহিছে । সিহঁতৰ পঢ়া শুনা, খোৱা বোৱা, কিতাপ পত্ৰকে ধৰি সকলো প্ৰয়োজনীয় বস্তু গোটাব লগা হয় । ৰিমজিম এইবাৰ অষ্টম শ্ৰেণীত আৰু তাইৰ ভনীয়েক জিলমিল পঞ্চম শ্ৰেণীত পঢ়ে । মাকে দিন ৰাতি একাকাৰ কৰি কাম কৰে দুই পইচা হাতলৈ বেছি আহক বুলি আশা কৰে । কঠোৰ পৰিশ্ৰম কৰে তেওঁ । বছৰবোৰ যোৱাৰ লগে লগে মাকৰ শৰীৰ দুৰ্বল হৈ আহিছে । আগৰ দৰেকৈ বেছি সময় কাম কৰিব নোৱাৰে । বয়স হৈ আহিছে । ভাগৰ লাগে, এইফালে ৰিমজিম আৰু জিলমিল হতঁৰ পঢ়া খৰচ, খোৱা বোৱা খৰচ লাগে কঠোৰ পৰিশ্ৰম আৰু চিন্তাৰ ফলত সঘনাই বেমাৰত পৰে । এসপ্তাহ ধৰি বেমাৰত আক্ৰান্ত হৈ আছিল তেওঁ । এনেকৈ এদিন ঢুকাই থাকিল । 
       হায় ! হায় ! কি আচৰিত এই সময়...সিহঁতৰ জীৱন । কিমান দুখ পালে বাৰু মানুহৰ চকুৰ পানী নোলাই ? তাইৰো একে অৱস্থা । সকলো পৰিস্থিতি মৌন হৈ চাই ৰৈছে । মাক-দেউতাকৰ মৃত্যুৰ পিছত ৰিমজিম আৰু তাইৰ ৮ বছৰীয়া ভনীয়েক ঘাট মাউৰা হৈ পৰিছে নিজৰ লগতে তাইৰ ভনীয়েকৰ বাবে দুবেলা দুমুঠি খাদ্য যোগাৰ কৰিবৰ বাবে ৰিমজিমে স্কুল এৰিলে । নিতৌ নতুন নতুন সপোন দেখি ভাল পোৱা ছোৱালীজনী । মুক্ত আকাশৰ তলত উৰি ফুৰা পখিলাজনী এতিয়া সজাত বন্দী নিচিনা হ'ল । তাই হৃদয়ত লৈ ফুৰা জুইকুৰা যেন তাতেই অন্ত পৰিল...।।

 ‌‌‌✍️চিমি চিদ্দিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)