কোনে কয় তোক বলীয়া বুলি-চাহিদা বেগম

©Admin
0
নিচিনিলো সেই মদাৰ আজি, 
নেদেখিলো সেই শিমলুৰ পাহি
তই আহিছ বুলিয়ে তো দেখিছোঁ আজি
কোনে কয় তোক বলীয়া বুলি
তই চোন সকলোৰে চিনাকি।। 

কণমানিৰ কিৰিলি শুনিছ
সেউজীয়া গচকি আকাশৰ নীলাবোৰ
চুই দিয়াৰ বেগেৰে 
দৌৰিছে সি ৰঙীন চিলাখনিৰ পাছে পাছে
তোৰ পাছে পাছেইতো আহে 
আমাৰ বহাগী। 
কোনে কয় তোক বলীয়া বুলি
তইতো ফাগুনী.......।। 

   ✍️চাহিদা বেগম। 
শিৱসাগৰ, অসম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)