ৰাহুল: কিয় সুধিলা?
ৰিয়া: তুমি সলনি হৈছা ৰাহুল...!
ৰিয়া: অ ৰাহুল , তুমি সলনি হৈছা। তোমাৰ চকুত না মোৰ প্ৰতি
থকা হেঁপাহ দেখা পাওঁ,না মৰম; মোৰ কাষত থাকিলেও যেন
তুমি আঁতৰি থাকা। সৰু সৰু কথাতে মোক খং কৰা, মোৰ
ধেমালি বোৰক ছিৰিয়াছকে লৈ কাজিয়া কৰা; অবহেলা কৰা। চাবা ৰাহুল,তোমাক অভিমান কৰি এদিন মই ইমান বেছি দূৰলৈ গুছি যাম নহয় তুমি হিয়া ঢাকুৰি কান্দি মাতিলেও ঘূৰি নাহোঁ।
ৰিয়াই ৰাহুলক এৰি যোৱা আজি এবছৰ পূৰ হ'ল। অনুশোচনাত দগ্ধ ৰাহুলে কণমানিজনীক বুকুৰ মাজত সাবতি আৰ্তনাদ কৰি উঠিছে "তুমি ঘূৰি আঁহা ৰিয়া, তোমাৰ অবিহনে মই যে আধৰুৱা অ' ৰিয়া " !
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ