আবেগহীন যন্ত্ৰ -ৰিম্পী ভঁৰালী

©Admin
0
মানৱ ,তোমালোক হেনো জীৱশ্ৰেষ্ঠ, 
তোমালোক হেনো জ্ঞানৰ অধিকাৰী, 
তোমালোক হেনো ন্যায়ৰ পূজাৰী।
তোমালোকেই চোন বধ কৰা প্ৰাণী 
এয়াই নেকি তোমালোকৰ স্বীকৃতি, 
ধ্বংস কৰা অৰণ্য কাটি 
এয়াই তোমালোকৰ ন্যায় নেকি?
নিৰীহ প্ৰাণীক কৰি হত্যা 
স্বাদ লোৱা তৃপ্তিৰে ,
এয়াই তোমালোকৰ মানৱতা নেকি?
জ্ঞানৰ অধিকাৰী হৈও কৰিছা হত্যা নিজ কুটুমক,
এয়াই তোমালোকৰ জ্ঞান নেকি?
ভাবিছা, তোমালোক হয় জীৱশ্ৰেষ্ঠ 
কিন্তু নহয়, তোমালোক 
কালত পৰিৱৰ্তিত এক
   আৱেগহীন যন্ত্ৰ ।
         
✍🏻ৰিম্পী ভঁৰালী 
     দশম শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)