পখিলা-এহিয়া আহমেদ

©Admin
0
কেতিয়াবা আকাশত 
কেতিয়াবা ফুলনিত
উৰি উৰি পখিলা;
পৰিমল সুধা সানি 
ফুলে ফুলে পৰি
মকৰন্দ চুহিলা।

বিভোৰ পখিলা বিজন-কুঞ্জত
ফুলৰ ৰূপ চাই;
ৰূপৰ সুষমা পান কৰি কৰি
ভাগৰি নপৰা হায়!

মোক এৰি থৈ নাযাবা প্ৰিয়া
দিকচৌ বনলৈ;
তুমি গুচি গ'লে হিয়া ভাগি যাব
দুখত থান-বান হৈ।

বিজন বনত ফুলনিৰ মাজত
তোমাৰ লগত নাচিম;
মোৰ যৌৱনৰ অমৃত পৰশা
প্ৰেম মাধুৰী যাঁচিম।।

✍️এহিয়া আহমেদ, মৈৰাবাৰী
ফোন নং- ৮৮৭৬১২৩১২৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)