বাৰে চহৰীয়া ভাওনা-বসন্ত ওজা

©Admin
0
ঐতিহ্য মণ্ডিত
বাৰেচহৰীয়া ভাওনাই
       জামুগুৰিহাটৰ পৰা 
ডেকাসুন্দৰৰ সেই
পথাৰ পকামুৰাত
     বিচিত্ৰ কৃষ্টিৰ বয় ধাৰা ।
মোৰ ধাৰণা হয়তো
ভাওনাৰ খলাৰ নক্সা
    গজেন বৰুৱাই অঁকা 
শোণিত কোঁৱৰ নামেৰে
পৰিচিত বৰুৱা
      ভৰলী পৰীয়াৰ ককা ।
তাহানি বানৰ নগৰৰ
অগ্নিগড়ৰ অগনিয়ে
    চুলে নেকি বাৰচহৰ ?
যাৰ বাবে প্ৰতিপঞ্চ
বৰিষৰ মূৰে মূৰে
  সজাই তোলে কৃষ্টিৰ বৰঘৰ ।
এই মহোৎসৱ সৃষ্টিৰ
জলৰ জোৱাৰ বৈ আছে
     ৭০/৮০ দশকৰ পৰা ।
ভক্তপ্ৰাণ জনতাৰ
দোহোচৰণ পখালি
      গঢ়ি তোলে ভকতিৰ ধৰা ।
জন্মৰ পৰা যোৱা নাই
ভাওনা পৰ্য্যটনস্থলীলৈ
     বিশ্বনাথৰ মই মূঢ়মতি ।
ভুল ভ্ৰান্তিৰ মাজেৰে
মহা মহোৎসৱক লৈ
     লিখিছো টোকা এটি দুটি ।
নাই কোনো জাতি ধৰ্ম্ম
নিবিচাৰি বৰ্ণ বৈশ্য
  ভাৰত অসমৰ ভকতক মাতি ।
কোনে কেতিয়া দিলে
মহা সমন্বয়েৰে
      জনতাৰ মিলনৰ গাঁঠি ?
যদিও সু দৃষ্টিৰ 
নিলগত মিলনথলী
 কলমেৰেই জনালো প্ৰণিপাত ।


         ◾ বসন্ত ওজা
            নাম মুৰুখমতিৰ
          ওপজাভূমি বিশ্বনাথ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)