অনৈক্য-ঐক্যৰ দেশ - ফাৰুক হুছেইন

©Admin
0
 
অনৈক্য-ঐক্যৰ দেশৰ
    সাম্প্ৰদায়িক নিকৃষ্ট ৰাজনীতিৰ
        বিহ বিয়পাই চৌদিশে,
সমন্বয় হেতু ধ্বংস কৰি
    ক্ষমতাৰ লোভত ওঁঠ চেলেকি
        ঘঁৰিয়ালৰ চকুলো টোকে।

আশা মাথোঁ অনাগত দিনলৈ
    ৰাজনীতিৰ মুনাফা ত্যাগী
         আহিব ওলাই সজাগ জনতা,
ভিন্নতা এৰি ঐক্যবদ্ধ হৈ
     বিনাশী অন্ধকাৰ 
          মুক্ত পাব মানৱতা।

জাগি উঠা মানৱ জাতি
    সমাজৰ কাঁইট উফৰাই
        ভাতৃত্ব বজাই ৰাখো,
বিশ্বৰ বুকুত পৰিচয় আমাৰ
    অনৈক্যৰ মাজত ঐক্য
        গৰ্বত ফুলাও বুকু।

             🔴 ফাৰুক হুছেইন
             হাউলী, বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)