মই এজনী কুৎসিত নাৰী-ৰাজু বনিয়া

©Admin
0
আজি বত্ৰিশ বছৰে মই মোৰ বুকুত এটা প্ৰকাণ্ড শিলৰ দৰে দুখৰ টোপালা বান্ধি ঘূৰি ফুৰিছোঁ৷
কাৰণ মই এজনী কুৎসিত নাৰী৷
আজি বত্ৰিশ বছৰে মই বেছিভাগ সময় এটা
বন্ধ কোঠালীৰ চাৰি বেৰৰ মাজত কটাইছোঁ৷
কাৰণ মই এজনী কুৎসিত নাৰী৷
মোৰ কি মন নাযায় নেকি বসন্তৰ আগমনত ঠন ধৰি উঠা প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ ?
মোৰ কি মন নাযায় নেকি এই হেঁপাহৰ গাঁওখনৰ 
মানুহবোৰৰ সৈতে মন খুলি কথা পাতিবলৈ ?
বহুত মন যায় কিন্তু কি কৰিম উপায়হীন৷
যেতিয়া গাঁওখনলৈ ওলাই যাওঁ নিজৰ কৰ্মত ব্যস্ত
মানুহবোৰেও মোলৈ ঘূৰি ঘূৰি চায়৷
মই ধুনীয়া বুলি নহয়…!
সেইবাবে , কাৰণ মই এজনী কুৎসিত নাৰী৷
আজি পঁচিশ বছৰৰ আগতে এটা সপোন দেখিছিলো৷
এদিন মোক কোনোবা আলহীয়ে চাবলৈ আহিব৷
মই লাজে লাজে পৰ্দাৰ ফাঁকেৰে জুমি চাম,
আৰু তেওঁ মোলৈ চুমি চাব৷
আমি দুয়ো চকুত চকু থৈ মিচিকিয়াই হাঁহিম৷
হঠাৎ কি যে সপোনবোৰ দেখিছিলো মই৷
পাহৰি পেলাইছিলোঁ মই যে এজনী কুৎসিত নাৰী৷
 মন যায় নিজকে কেতিয়াবা দাপোনৰ সন্মুখত
বহি মোৰ এই উকা কপালখনত এটা ৰঙা সেন্দূৰৰ 
ৰঙ বোলাই নিজক কইনাৰ সাজত এবাৰ চাবলৈ৷
কিন্তু কি কৰিম…!
মোৰ দৰে এজনী কুৎসিত নাৰীক কোনে গ্ৰহণ কৰিব ?
সকলোয়ে মোক ঘৃণা কৰে,
মোক দেখিলে বাটত
খেলি থকা আনকি সৰু ল’ৰা-ছোৱালীবোৰে ভয়তে
ধাপলি মেলি 
ভূতুনী আহিছে বুলি চিঞৰি উঠে৷
সেইবাবে , কাৰণ মই এজনী কুৎসিত নাৰী৷
নিজে কেতিয়াবা ভাবোঁ
 মই মানুহ নহয় নেকি ?
নে মানুহৰ মূখা পিন্ধি এই সমাজত জীয়াই আছোঁ৷
বিনম্ৰ অনুৰোধ কৰিছোঁ…!
মোক মানুহ হৈ জীয়াই থাকিব দিয়ক৷
মোক আপোনালোকৰ পৰা একো নালগে
মাথোঁ মোক অলপ শান্তি লাগে শান্তি৷
 
✍️ৰাজু বনিয়া
লখিমপুৰ,আমতলা
দ্বিতীয় ষাণ্মাসিক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)