মই চাওলুং ছ্যুকাফাই কৈছো -মোস্তাকিন শ্বেখ

©Admin
0
মই চাওলুং ছ্যুকাফাই কৈছোঁ 
আজি মই 
মৈদামৰ পৰা
 উঠি আহিছো !
কিন্তু এইবোৰ কি ?
ক'ত গ'ল 
মই 
গঢ়ি
দিয়া সেই বৰ অসম,
কেৱল মে-ডাম-মে-ফী
পাতিয়েই বহি নাথাকিবা।
আজি তোমালোকক 
ৰক্ষা কৰিবলৈ
জয়মতী আৰু লাচিত নাই,
নিজেই তুলি লোৱা
হাতত হেংদাং।
সকলো জাতি-জনগোষ্ঠী
একএিত হ'বৰ
সময় হ'ল,
নহ'লে আকৌ 
হত্যা
কৰিব বিদেশীয়ে
আমাৰ মান- সম্মান,
আকৌ জিপাল হৈ উঠক
বৰ অসমৰ প্ৰাণ।

✍️মোস্তাকিন শ্বেখ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)