হেৰুৱা মৰম- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
এপলক ৰৈ যোৱানা তুমি
মই ধৰি ৰাখিব নোৱাৰোঁ
সপোন ভাঙিলে যে তোমাকো
হেৰুৱায় পেলাও দুচকুৰ পৰা
তুমি নুবুজানে দেউতা....... 
দুচকু মুদিলে তোমাক দেখো
দুচকু মেলিলে সন্মুখত চোন 
তোমাৰ ছাটো নেদেখোঁ .... ।
দিনবোৰ বাগৰি গৈছে
দুখবোৰে পিছ নেৰা হৈছে 
জীৱনৰ সুখ দুখৰ গান গাও 
খোজে প্ৰতি পিছলি যাও
তোমাৰ সহাৰিৰ প্ৰতি পলে
অনুভৱ কৰোঁ দেউতা.... 
তুমি নহ'লে মোৰ জীৱনটোৱে
কেনেকৈ পূৰ্ণতা পাব
ভাবিয়েই নাপাওঁ....... 
হেৰুৱা মৰমত মাথোঁ
জীয়াই আছোঁ দেউতা বেদনাৰে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)