সাহিত্যৰ পথাৰত এখোঁজ- দেৱজিত বৰুৱা

©Admin
0
সাহিত্য হ'ল সমাজৰ দাপোণ স্বৰূপ। সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থকাটো দুৰুহ। আমি আমাৰ জনজীৱনৰ আৰ্থসামাজিক প্ৰেক্ষাপট আৰু সাংস্কৃতিক উপাদানসমূহৰ বিষয়ে ভালদৰে বুজিবলৈ অসমীয়া সাহিত্যৰ পথাৰত ভৰি দিয়াটো উচিত। 
                  বৰ্তমান শিক্ষিত মানুহৰ সংখ্যা বাঢ়িছে যদিও সেই অনুপাতে সাহিত্যৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আশাপদ নহয়। অথচ ভাষা-সাহিত্য বিষয়তে এক বুজনসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। নতুন প্ৰজন্মৰ মাজত যদি সাহিত্যৰ প্ৰতি আগ্ৰহ আৰু আস্থাৰ ভাৱ গঢ়ি তুলিব পৰা নাযায়, তেনেহʼলে সাহিত্যৰ ভৱিষৎ ধূসৰ হৈ পৰিব। ইয়াৰ ওপৰিও যি লেখকে লিখে তেওঁ পাঠকৰ অভাৱত কেতিয়াবা হতাশ হোৱাৰ পৰিলক্ষিত হয় নাইবা সস্তীয়া জনপ্ৰিয়তাৰ ভয়ত জানি বুজি নিম্নমানৰ লেখাও নিলিখে। সেয়েহে এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ যুৱক-যুৱতী সকলৰ সুপ্ত সাহিত্য প্ৰতিভাক বিকশাই তুলি প্ৰসাৰিত তথা উৎসাহিত কৰিবলৈ শিৱসাগৰৰ পৰা দেৱজিত বৰুৱাৰ নেতৃত্বত তথা শিৱসাগৰৰ হিন্দু ফেডাৰেচন নামৰ সংগঠন এটিৰ সভাপতি ভাস্কৰজ্যোতি বৰুৱাৰ সহযোগত অসমৰ ন-পুৰণি কবি সকলৰ সৃষ্টি ৰাজিক এক বহল প্ৰেক্ষাপটত চিনাকি দিবৰ বাবে জোনাকী সাহিত্য মঞ্চ নামেৰে এটি হোৱাটছ এপ গোট খুলিছে। এই গোটত অসমৰ বিশিষ্ট কবি, সাহিত্যিক, উপন্যাসিক, গল্পকাৰ , সাংবাদিক তথা অসমৰ ইলেক্ট্ৰনিক মাধ্যম কেইটামানো অন্তৰ্ভুক্ত হৈ আছে। কবিসকলৰ মাজত মাজে-সময়ে অনলাইনযোগে বিভিন্ন সাহিত্যৰ প্ৰতিযোগিতা পাতি ছাত্ৰ-ছাত্ৰীসকল তথা কবি সকলক উৎসাহিত কৰি আহিছে। অদূৰ ভৱিষ্যতে এই মঞ্চখনে সূৰ্যোদয়ৰ সোণালী কিৰণ কঢ়িয়াই আনিব বুলি সকলো আশাবাদী।
                আমি যদি কোনেও সাহিত্যৰ প্ৰতি আশাপদ নহঁও, বিশেষকৈ উঠি অহা প্ৰজন্মৰ মাজত যদি সাহিত্যৰ প্ৰতি আস্থাৰ ভাৱ গঢ়ি নুঠে তেন্তে আমাৰ ভাষা জীয়াই নাথাকিব আৰু ভাষা জীয়াই নাথাকিলে জাতি জীয়াই নাথাকিব। সেয়েহে আমি সকলোৱে যিদৰেই নহওঁক কিয় সাহিত্যৰ পথাৰত ভৰি দিব লাগে। কাৰণ সাহিত্যই হ'ল আমাৰ জাতিৰ দাপোণ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)