ফাগুন গ'লগৈ আপুনি অহাৰ বাতৰি দি- ৰিমাশ্ৰী কোচ ৰাজবংশী

©Admin
0
ফাগুনে‌ মেলানি মাগিলে সেইদিনা
কিন্তু দি থৈ গ'ল আপুনি অহাৰ বতৰা
ৰৈ আছোঁ আজি ,
কেৱল আপোনাৰ অপেক্ষাত......
আপোনাৰ এই মৰমবোৰ যদি সঁচা হয়
তেন্তে পুনৰ বালিঘৰ সাজিম, আপোনাৰ মৰমবোৰ কঢ়িয়াই অনা এই নদীৰ পাৰত ।
আপোনাৰ উমাল বুকুখনি সাৱটি ৰ'ম জীৱনৰ প্ৰতিটো পল ,অনুপল ।
ভালপোৱাৰ সীমনাত আমাৰ মৰমবোৰে প্ৰাণ পাই উঠিব ,
দুটি মন মিলি এটি হ'ব ।
যদি এইবোৰ আপোনাৰ অভিনয় নহয় ,
তেন্তে ভালপোৱাবোৰক বাধা নিদিব 
বৈ যাব দিয়ক সাগৰৰ দৰে ,
চুবলৈ দিয়ক নীলিম আকাশখনক ।
ভালপোৱাবোৰ বৈ আহিব দিয়ক উত্তপ্ত লাভাৰ দৰে,
জোৱাৰ তুলিব দিয়ক ছুনামিৰ দৰে ।
মৰমবোৰ অবিৰাম বৈ যাব দিয়ক ভালপোৱাৰ পাৰ ভাঙি অসীমলৈ ।
আপোনাৰ হৃদয়ৰ পৰা নিগৰা এই মৰমৰ টুকুৰাবোৰ আলফুলে সুমুৱাই থ'ম মোৰ কুমল কলিজাৰ মাজত চিৰদিনলৈ ।

এতিয়া কেৱল আপোনাৰ অপেক্ষাত .....

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)