বিষাক্ত এজাক ধূলিকণা-নৱজিৎ নাথ

©Admin
0
চৌদিশে বিষাক্ত বিষাক্ত 
এজাক ধূসৰ ধুলিয়ে ,
ধূসৰিত ভাবে আবৰি ধৰিছে
এটি ধূৱলী কুঁৱলী পৰিবেশ।।
যেতিয়া চাও মাথোঁ ,
কেৱল ধুলি আৰু ধুলিৰে 
এক বিশাল আবৰন।।

বৰ্তমান সময়ত,
গুৱাহাটীৰ মহানগৰীৰ লগতে
অসমৰ প্ৰতিটো ঠাইতে
এতিয়া,
আকাশে বতাহে ছানি ধৰিছে 
এজাক শুষ্ক ধুলিৰ আছ্ৰাদনে।।

বিগত প্ৰতিটো দিনতে,
প্ৰতিটো সময়তে বিভিন্ন ঠাইত,
শিশুৰ লগতে প্ৰাপ্ত বয়স্কৰ মাজত  
আনিছে এক অগনিৰ সংকেত।।

ব্ৰংকাইটিজ,এজমা, 
নিউম'নিয়া দৰে
ভয়ঙ্কৰ ৰোগত শিশু হৈছে আক্ৰান্ত।।
বিসাক্ত বিষাক্ত
ধূলিৰ পৰা হওক 
সকলো সজাগ
আৰু সাৱধান।।

✍️নৱজিৎ নাথ।
ছিপাঝাৰ, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)