অপেক্ষা এটা যুগৰ পৰিৱৰ্তন -ৰজনী কুমাৰ ডেকা

©Admin
0
এটা যুগৰ পৰিবৰ্তন হব ,
সামৰণি পৰিব
পৃথিৱীৰ অনৈতিক নীতিবোৰ ,
আৰু সামৰণি পৰিব
হিংসা , লুণ্ঠণ , নিৰ্যাতন বোৰ ৷
কেতিয়ানো পাম এখন
নিকা সুবিমল আকাশ ,
কেতিয়ানো পাম এখন
পূৰ্ণ স্বাধীনতাৰ প্ৰকৃতি ,
আৰু কেতিয়ানো পাম এখন সমাজ যত নিস্ক্ৰিয়ৰ বিপৰীতে
সক্ৰিয় একাগ্ৰতাৰ প্ৰকাশ ৷
এটা যুগৰ পৰিবৰ্তন হব
সামৰণি পৰিব
তয়াময়া উচ্চ নীচৰ ৰণবোৰ ,
সামৰণি পৰিব
কলাপৃষ্ঠাৰ পৰিকল্পনাবোৰ ,
আৰু সামৰণি পৰিব
এন্ধাৰৰ আৰ্তনাদ বোৰ ৷
এটা যুগৰ পৰিবৰ্তন হব ৷

             ✍️ৰজনী কুমাৰ ডেকা
                      ৰঙিয়া ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)