কুলি চৰাই-ৰজনী কুমাৰ ডেকা

©Admin
0
শিমলু ফুলিল,মদাৰ ফুলিল
কুলি চৰায়ে পাতৰ আঁৰত গীত জুৰিল,
আহিছে বসন্ত,আহিব ব'হাগ
সুগন্ধিৰে বিয়পিব ৰাতি দোভাগ ৷
কুলিৰ বিননি বৰ সুৱদি সুৰিয়া
চমকা ৰ'দে চকুলৈ বিজুলী আনে
ভৰদুপৰীয়া ৷
কুলিৰ লাজে মৰম সানে ,তাকে দেখি
ডেকা গাভৰুৰ মিলন উপচাই  আনে ৷
বিৰিখে বিৰিখে কোমল কুঁহি মেলে
প্ৰকৃতিয়ে নৱ সাজত ৰূপ ল'লে ৷
কুলিৰ বৰণ বৰ  ক’লা 
ৰূপলৈ নেচাওঁ গুণৰ বেলা ৷
আপোন পাহৰা হওঁ সুৱদি মাতত
নেদেখি বিচাৰি ফুৰো নদীৰ ঘাটত
কুলিয়ে নোৱাৰে সাজিব বাহ 
কেতিযাও নিবিচাৰো ক‘লা ফুলৰ
সুৱাস ৷
শিমলু ফুল সৰিব,মদাৰ ফুল সৰিব
সুৱদি সুৰে যেতিয়া নিতাল মাৰিব ৷
নেযাবি কুলি অজান ঠাইলৈ গুচি
প্ৰকৃতিত নাথাকিব শৌৰ্য্যৰ অভিৰুচি ৷

        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)