সহায়ৰ হাতখন-হেমেন হাজৰিকা

©Admin
0
আকালৰ ভাত
অমাতৰ মাত
আজি অভাৱ হ'ল  ।।
স্বাৰ্থৰ ব্যতিৰেকে
কোনেও উভতি নোচোৱা হ'ল
কʼত জানো
হেৰাই থাকিলো আমি  ।।
আমাৰ সহায়ৰ হাতখন
ক'ৰবাত চিঙি থাকিল  ।।
যন্ত্ৰ মানৱ আমি
কি চিন্তা থাকিব যন্ত্ৰৰ
না ভাৱনা
না চিন্তা  ।।
এখন সহায়ৰ হাত
কিমান যে মহঙা হ'ল  ।।

        ◾হেমেন হাজৰিকা
                 ৰাণী
         কামৰূপ ( ম ) অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)