আধা ফুলা কলিটি-গায়ত্ৰী কোঁৱৰ

©Admin
0
মোৰ হৃদয় বাগিচাৰ 
এটি সৰু কলি ,
ৰঙা - গোলপীয়া , বৰ আলসুৱা ।
ফুলো কি নুফুলোকৈ
মেলো কি নেমেলোকৈ
তাৰ কোমল পাহি ,
লাজৰ নূপুৰ পিন্ধা ।
আলফুলীয়া মনৰ পদূলিত
ফুলি থকা কলিটি ,
তুমি হাত নেমেলিবা !
নোচোবা তাৰ কোমল পাহি ,
এই যেন সৰি পৰিব কবিতাৰ ৰহণ সানি ।

◾শ্ৰীমতী গায়ত্ৰী কোঁৱৰ
জিলা : ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)