ব্যস্ততা জীৱনৰ স্মৃতিৰ পৰশ -ৰঞ্জু গায়ন

©Admin
0
ব্যস্ততা জীৱনৰ দিনলিপি
দিনে দিনে বাঢ়িব ধৰিছে ব্যস্ততাৰ আচঁনি।
শেৱালি সুবাসে যেন কঢ়িয়াই আনিছে নৱ নৱ সুবাস ,
ক্ৰমশঃ নতুন জীৱনৰ নৱ প্ৰস্তুতি,  লৈ মেলানি মেলিছে  তগৰ , অপৰাজিতা, খৰিজাই,
ভৰি পৰিছে বিতোপন ফুলনি ,
কলেজীয়া দিনৰ সেই সোনালী স্বপ্ন ।
একেলগে বহু বন্ধু-বান্ধৱীৰ সৈতে ,
প্ৰাণ পাই উঠা দুটি ওঁঠৰ গীতৰ কলিত মৌন হৈ পৰিছিল যৌৱন,
জীৱনৰ ভাৱৰীয়া হৈ ভাওঁ দি ক্ৰমান্বয়ে জীৱনটো হৈ পৰিল মাথোঁ স্মৃতিৰ পৰশ
যৌৱনৰ প্ৰতি মূহুৰ্ত্বত হৃদয়ত স্পন্দিত কৰা
আকাশী অপ্সৰা বিচিত্ৰ হাজোন- কাচোন ,
মনত পৰিল সেই যৌৱন
সোণ বৰৰ্ষা লুইতৰ বুকুত
ঢৌ খেলি-খেলি বিলীন হৈ পৰিল যৌৱন 
দিনে দিনে বাঢ়িব ধৰিছে ব্যস্ততা জীৱনৰ সুমধুৰ স্মৃতিৰ পৰশৰ লগতে মৰহা যৌৱন ।

        ✍️ৰঞ্জু গায়ন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)