মৃত ব্যক্তিৰ আত্মা টকাৰে তুমি ঘূৰাই আনিব পাৰিবা নেকি- সমুজ্জ্বল ডেকা

©Admin
0
জীৱনত অনেক সময়ত সহস্ৰজনে জীৱনটোক উপভোগ কৰিব বিচাৰে। কিন্তু জীৱন মানেই কেৱল উপভোগ নহয়। আনন্দ-নিৰানন্দ স্বাক্ষৰো সংযুক্ত হৈ থাকে। দিনবোৰ একেই নাথাকে আৰু দুখবোৰ প্ৰতিপল নাথাকে। সময়ৰ সোঁতত বহুতেই উটি যায় আৰু বহুতেই থাকি যায় জীৱনৰ বাটত। নিশাৰ পিছত প্ৰভাত দুখৰ পিছত সুখ নিশ্চিত। মানুহৰ মৃত্যুত মানুহে কান্দে। কিন্তু সেই মৃত্যুত কন্দা মানুহ জনৰো এদিন মৰণ হ'ব। অজস্ৰ মনুষ্য বা মানৱে টকা-পইচা, সম্পত্তি আদিক লৈ নানান অহংকাৰ কৰে। কিন্তু মৃত ব্যক্তিৰ আত্মা টকাৰে কোনেও ঘূৰাই আনিব নোৱাৰে। গতিকে এইবোৰ এক সময়ৰে খেলা। ক্ৰিকেট খেলৰ দ'ৰে কোনোবাই জীৱন যুদ্ধৰ খেলত ৬ কোবাব আৰু কোনোবাই আউট হ'ব। অলেখ মানুহে অলেখ মানুহক  ভাল পায়। কিন্তু কিছুমানৰ ভাল লাগে। অৰ্থাৎ ভাল লগা আৰু ভালপোৱা সম্পূৰ্ণ বেলেগ। কিন্তু এটা সময়ত সময়ে দি যায় বিশ্বাসৰ পাঠ। বিশ্বাস হেৰাই গ'লে দূৰত্ব বাঢ়ি যায় আৰু দূৰত্ব বাঢ়ি গ'লে গুৰুত্ব কমি যায়। গুৰুত্ব কমি গ'লে দায়িত্ব হেৰাই যায়। সেয়েহে আনক ভালপোৱাৰ আগতে মানুহে প্ৰথমতে নিজক ভাল পাই নিয়ন্ত্ৰণ কৰা উচিত চলন্ত জীৱনৰ ৰে'লখনৰ অনিৰুদ্ধ গতিৰ সুমতিৰ সঠিক দিশ। সময় অনুসৰি কামবোৰ কৰিলেহে ভাগ্যৰ দুৱাৰ খোলা যায়।

◾সমুজ্বল ডেকা, ৰঙিয়া 
   (নিজ বড়িগোগ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)